Posts

Showing posts from January, 2026

এমুঠি সেউজ শব্দৰ সন্ধানত . Assamese poem by Deepika Das

Image
 এমুঠি সেউজ শব্দৰ সন্ধানত — দীপিকা দাস (ছাঁয়া) কবিস্পদ, তোৰ কাৰণেই মোৰ উদং বুকুৰ পথাৰত গজি উঠে বাখৰুৱা প্ৰণয়ৰ লঠঙা শইচ— মাটিত শিপা ধৰা আশা। তই নাজান, তোৰ বাবেই হাজাৰ জনৰ বুকুত আঙুলি বুলাই পিয়াপি দি ফুৰোঁ দিনে-নিশাই— কিজানি তোক পাওঁ বুলি। তই নাজান, তোক বিচাৰি কাৰ অনুভৱৰ সৈতে ৰাতিবোৰ কাটাওঁ। তই চাগে ভাৱ মই নষ্ট চৰিত্ৰৰ তিৰোতা এজনী। কিন্তু তই কি জান? তোৰ বাবে এমুঠি সেউজ শব্দৰ আশাত দিহিঙে, দিপাঙে বগাই নিশাৰ পৰতে মই ঘৰ সাজোঁ— নিজৰ হিয়া জ্বলাই। This is an original Assamese poem witten by Assamese poet Deepika Das.

জোনাকত বাজে চিফুং: Assamese poem by Deepika Das

তোমাৰ চিফুঙৰ সুৰত মাতাল হৈ পৰে নিশাৰ জোনাকীজনী ধৰাশাৰী হয় গৰুবাটৰ জিলিজাক ফৰিংফুটা জোনাকত সেউজীয়া বননিত প্ৰাণ পাই উঠে কাৰোবাৰ দুভৰিৰ খোজ তোমাৰ চিফুঙৰ সুৰ মোৰ বুকুত বাজে ওঁঠ ফাটি বব খোজা তোমাৰ ৰক্ত নিনাদে স্পৰ্শ কৰে মোৰ কলিজাৰ কোঠা। This is an original Assamese poem written by Assamese poet Deepika Das.

চুকাফা: এক অস্ত্ৰবিহীন বিপ্লৱ Assamese poem by Deepika Das

চুকাফা: এক অস্ত্ৰবিহীন বিপ্লৱ  ১১৮৯ খৃষ্টাব্দ - ইতিহাসৰ বুকুত জ্বলি উঠা  এটি পোহৰ দুৰ পূৱ দেশত জন্ম লৈ সপোন দেখিছিলা  ভৱিষ্যত সোণৰ অসমৰ। পূৱ পাহাৰৰ ছাঁ এৰি পাটকাইৰ বুকুত খোজ পেলালা তুমি হাতত অস্ত্ৰ নহয় - হাতত বিশ্বাস ভিন্ন জাতি, ভিন্ন ভাষাক  একেই মাটিত দিলা এক নিশ্বাস। তোমাৰ ত্যাগত আছিল  সহমতিৰ দ্বীপশক্তি তোমাৰ বীৰত্বত আছিল মাটিৰ লগত মানুহক  একে দোলেৰে বান্ধিব পৰা দৃষ্টি। তুমি দিলা সাহসৰ বাণী " ৰাজ্য মানে নহয় ক্ষমতা, ৰাজ্য মানে সহমতি। " " শাসন মানে নহয় ক্ষমতা, শাসন মানে বিশ্বাস। " ইয়াতেই আছিল বিপ্লৱৰ সূচনা য'ত ইতিহাসে ৰক্ত বিচাৰে তুমি মাটি আৰু অধিকাৰ দিলা য'ত ইতিহাসে বিজয়ৰ নামত হত্যাৰ হিচাপ গনে  তুমি সহাৱস্থানৰ নক্সা আঁকিলা  য'ত ইতিহাসে দাসত্ব বিচাৰে  তুমি মানুহক নাগৰিক কৰিলা। য'ত ইতিহাসে ক্ষমতাৰ ৰঙা চিহ্ন টানে  তুমি প্ৰতি খোজত বিশ্বাস ৰাখিলা। পাটকাইৰ পাহাৰত তুমি  তৰোৱাল পুতি থোৱা নাছিলা  তুমি পুতি থৈছিলা  ঘৃণাৰ ৰাজনীতি  শোষণৰ সংস্কৃতি আৰু শক্তিৰ ভণ্ডামি। হে মহান, তুমি অকল ব্যক্তিসত্বা নহয় তুমি এটি আন্দোলন তুম...

এজাক ৰক্তাক্ত বাসনা - Assamese poem by Deepika Das

এজাক ৰক্তাক্ত বাসনা                       দীপিকা দাস( ছাঁয়া)                       6002197187 একান্ত ৰাতিৰ ৰহস্যঘন অন্ধকাৰত তোমাৰ বুকুৰ দৰিয়লিত  দুহাতে খেপিয়াই ফুৰোঁ কিজানিবা জোনাক আহেই নামি তুমি যে মোক বাৰে বাৰে প্ৰশ্ন কৰা জোনাকৰ সংজ্ঞা কি? মোৰ বাবে তুমিয়েই জোনাক তুমিয়েই সংজ্ঞা জোনাকৰ। তোমাৰ বুকুৰ বিধৌত জোনাক সিচাঁৰ আনন্দত  ভাস্বত হয় মোৰ প্ৰতি লগণৰ উন্মুক্ত হেঁপাহ। মোৰ বুকুৰ কণমানি ঘাঁহনিডৰাত অনুভূত হয় তোমাৰ খোজৰ অনুৰণন  মোৰ দুনয়ন তোমাৰ দুনয়নত ৰাখি জাগৰিত হয় অনুভৱ মোৰ  যেন তোমাৰ দিগন্ত প্ৰসাৰী বিয়পিম মই। প্ৰতি যামিনী তোমাৰ মোৰ এসাগৰ প্ৰেমালাপ আৰু সুখাবিলাস  ওষ্টলগ্নৰ জলকেলিত যেন বিয়পি পৰে তোমাৰ মোৰ ভালপোৱাৰ এজাক ৰক্তাক্ত বাসনা।

অনামী চিন্তন - Assamese poem by Deepika Das

অনামী চিন্তন নিয়ৰসিক্ত ৰজনীগন্ধাৰ কোমল চুপহি তাতেই যেন নিবিৰ সংগোপনে মধুৰ আলিংগন জনাই জোনাকীৰ মিঠা মৃদু চুম্বন জোনাকৰ সমীৰে দিয়ে অবুজ শিহৰণ.. কুসুমৰ সুকোমলতাত যেন কাঁইটৰ বিষ গহীন বাস্তৱৰ বুকুত স্মৃতিৰ কান্দোন অনামী চিন্তন মোৰ জীয়া সপোনৰ স্পন্দন বুকুৰ ভিতৰত শুনো অশান্তিৰ কাতৰ ক্ৰন্দন তৃপ্তি নাই শান্তি নাই কেৱল অশান্তিৰ গধুৰ বোজা। জীৱন সংগ্ৰামৰ ঢৌত হস্তলেখা ফাগুন ৰঙা ইতিহাস দুখৰ নদীৰ তৰংগায়িত হৃদয়ত যেন জীৱনৰ মধুৰ উন্মেষ। This is an original Assamese poem by poet Deepika Das.

নাৰী মই - Assamese poem by Deepika Das

নাৰী মই                 দীপিকা দাস  মই বহাগৰ বৰদৈচিলা ফাগুনৰ কমুৱা তুলা  ময়ে বা - মাৰলী  বিজুলী বৰ্ষণ। মই লুইতৰ বলীয়া বান উত্তাল তৰংগিনী গিৰীমল্লিকাৰ  ধীৰ স্থিৰ অতলগামিনী মই ডকা চাকনৈয়া মৰুভূমিৰ মৰীচিকা ময়ে চন্দ্ৰমাৰ আভা আকাশৰ উৰণীয়া তৰা। মই সাগৰৰ উৰ্ম্মিমালা লুইতৰ গৰাখহনীয়া মই আকাংক্ষা মই প্ৰত্যাশা প্ৰতিহিংসাৰ অনল মই ময়ে প্ৰেম, ময়ে ঘৃণা ময়ে প্ৰতিশোধৰ দাবানল। মই সৃষ্টি , মই ধ্বংস ময়ে প্ৰকৃতি পুৰুষৰ ময়ে নাচোন , সাজোন - কাচোন  ময়ে তাণ্ডৱ শিৱৰ  ময়ে সতী, ময়ে পাৰ্বতী  যুগ - যুগান্তৰৰ। মই উন্মাদিনী ,মই কামুকিনী ময়ে পাণ্ডৱৰ পাঞ্চালী মই ধৰ্ষিতা আৰ্তনাদ মই উৰ্ব্বশী, মই মেনকা ময়ে সৰগৰ দেৱকন্যা। মই গাভৰুৰ উমাল স্পৰ্শ প্ৰেমাতুৰ প্ৰেমিকৰ হৃদয়বৃক্ষ  মই শৰ্বৰীৰ প্ৰেম, মই অপেক্ষিতা মই বিৰহীনি ৰাধা  পৰকীয়া প্ৰেমৰ। মই দুহিতা , ময়ে মাতৃ ময়ে লালিতা, ময়ে পালিতা মই শালিনী, ময়েই ৰমণী মইয়ে যৌৱন যমুনা। ময়ে গীত ময়ে ৰাগ তানপুৰাৰ সুৰৰ মূৰ্চ্ছনা  মই বহ্নিশিখা  মায়াৱী ৰাতিৰ মধুচন্দ্ৰিকা মই কালৰাত্ৰি ...

🌼অনুভৱ🌼

কেতিয়াবা অনুভৱ বোৰ ফুলৰ 🌼🌼দৰে কোমল আৰু কেতিয়াবা শিলৰ দৰে কঠিন। এয়া যে বাস্তৱিকতা। অনুভৱৰ পৰশ লাগি স্পন্দিত হোৱা হৃদয় খনি একেই অনুভৱতে গোট মাৰিব পাৰে। 

তুমি - তুমি সময়বোৰ - Assamese poem by Deepika Das

বুকুজুৰি আছে বিষাদ মনৰ পখিলাজনী খেদি লৈ গ'ল হঠাতে অসময়ৰ বতাহজাকে এৰা, বুকুখন উদং হৈ পৰিল অচিনা বতাহ জাকক বুকুত বা লগাই বলিয়া কৰিলে কোনে? প্ৰয়োজনত নে অপ্ৰয়োজনত বাৰু আমি চিনাকি হৈ আকৌ অচিনাকি হৈ পৰিলোঁ যাতনাত চটফটাই আছে অকলশৰীয়া বিছনাখন স্মৃতিবোৰ মাথোঁ ৰৈ গ'ল তুমি তুমি সময় বোৰৰ নিজানত বহি পুনৰ বিচাৰোঁ বাঁহীৰ সুৰ কেতিয়াবা আহিবনে ঘূৰি? তোমাৰ মোৰ জীৱনৰ অকথ্য চেতনা খিনি। কেতিয়াবা নীৰৱতাই ক'বনে? তুমি - তুমি সময়বোৰ  সঁচাকৈয়ে শেষ হৈছিল নে? This is an original Assamese poem by Deepika Das.

চুকাফা: ক্ষমতাৰ বিপৰীতে মানৱতা - Assamese poem by Deepika Das.

পাহাৰৰ বুকু ভেদি আহিছিল  এক ব্যক্তি সত্বা  নহয় তৰোৱাল লৈ , আহিছিল বাস্তৱিক এক স্বপ্ন লৈ  ইতিহাস লিখিবলৈ নহয়  ইতিহাস বচাবলৈ । যেতিয়া পৃথিৱীয়ে তৰোৱালৰ ভাষা শিকে  চুকাফাই শিকাইছিল  নীৰৱতা কেনেকৈ শক্তি হয় । ৰক্তৰ সিংহাসন চুৰমাৰ কৰি শ্ৰমৰ ভেটিত ৰাজ্য গঢ়িলে, কাৰণ ক্ষমতা ভয়ত নহয়  বিশ্বাসত জন্ম লয় । জাতি ভাষা গোত্ৰ  সকলোকে কৰি একাকাৰ  মানৱতাৰ পতাকা উৰুৱালে। তেওঁ মাটিক জয় কৰা নাছিল  মাটিৰ লগত সন্ধি কৰিছিল  মানুহক শাসন নকৰি  কেৱল সহবাস কৰিছিল । ব্ৰহ্মপুত্ৰৰ বুকুত চলা ইতিহাসৰ পালখনিৰ  বঠা মাৰি তেওঁ ভাগৰা নাছিল, তেওঁ যে আমাৰ পথ প্ৰদৰ্শক । চুকাফা মানে এটা  ৰাজবংশ নহয়  এক বিকল্প ৰাজনীতি , য'ত নাছিল ক্ষমতাৰ উচ্চভাষা  আছিল মিলন ব্যাকৰণৰ মধুভাষা । আজিও অসমে  কেঁচা মাটিৰ সুবাসত অনুভৱ কৰে  চুকাফাৰ উপস্থিতি , যি নিৰৱে উচ্চাৰিত হয়  প্ৰতি অসমীয়াৰ হৃদয়জুৰি। আজিৰ দিনত যেতিয়া ক্ষমতাই  মানুহক টেটুলৈকে গিলি খায়, তেতিয়া- চুকাফা এটা প্ৰশ্ন হৈ সন্মুখত থিয় হয়- তুমি কাক অনুসৰণ কৰিবা? ৰজা নে প্ৰজা? ইতিহ...

হৃদয়ৰ স্তৱক- Assamese poem by Deepika Das

হৃদয়ৰ স্তৱক          দীপিকা দাস ( ছাঁয়া)         (১) মৌনতাৰ শিকলিত ধৰি কোনে মিচিকি হাঁহে? শাৰ্বৰী নিশাৰ জোনাকৰ জখলাত বগাই  পি খাওঁ আঁউসীৰ অন্ধকাৰ (২) প্ৰবিষাময় প্ৰবাহে নোৱাৰে ৰুধিব স্ৰোতস্বিনীৰ প্ৰবাল সোঁতক। বাৰিষাৰ বানেহে বুজে  গাভিনী নদীৰ গভীৰতা। (৩) মন্থৰগামী জীৱনে হেৰুৱাই ভৱিষ্যতৰ জোনাকী তিৰবিৰ কৰিব খোজোতেই  হেৰাই জীৱন মন্দাকিনী। This is an original poem written by Assamese poet Deepika Das.