তুমি - তুমি সময়বোৰ - Assamese poem by Deepika Das
বুকুজুৰি আছে বিষাদ
মনৰ পখিলাজনী
খেদি লৈ গ'ল হঠাতে
অসময়ৰ বতাহজাকে
এৰা, বুকুখন উদং হৈ পৰিল
অচিনা বতাহ জাকক
বুকুত বা লগাই
বলিয়া কৰিলে কোনে?
প্ৰয়োজনত নে
অপ্ৰয়োজনত বাৰু
আমি চিনাকি হৈ
আকৌ অচিনাকি হৈ পৰিলোঁ
যাতনাত চটফটাই আছে
অকলশৰীয়া বিছনাখন
স্মৃতিবোৰ মাথোঁ ৰৈ গ'ল
তুমি তুমি সময় বোৰৰ
নিজানত বহি
পুনৰ বিচাৰোঁ
বাঁহীৰ সুৰ
কেতিয়াবা আহিবনে ঘূৰি?
তোমাৰ মোৰ জীৱনৰ
অকথ্য চেতনা খিনি।
কেতিয়াবা নীৰৱতাই ক'বনে?
তুমি - তুমি সময়বোৰ
সঁচাকৈয়ে শেষ হৈছিল নে?
This is an original Assamese poem by Deepika Das.
Comments