নাৰী মই - Assamese poem by Deepika Das

নাৰী মই 
               দীপিকা দাস 

মই বহাগৰ বৰদৈচিলা
ফাগুনৰ কমুৱা তুলা 
ময়ে বা - মাৰলী 
বিজুলী বৰ্ষণ।

মই লুইতৰ বলীয়া বান
উত্তাল তৰংগিনী
গিৰীমল্লিকাৰ 
ধীৰ স্থিৰ অতলগামিনী
মই ডকা চাকনৈয়া
মৰুভূমিৰ মৰীচিকা
ময়ে চন্দ্ৰমাৰ আভা
আকাশৰ উৰণীয়া তৰা।

মই সাগৰৰ উৰ্ম্মিমালা
লুইতৰ গৰাখহনীয়া
মই আকাংক্ষা মই প্ৰত্যাশা
প্ৰতিহিংসাৰ অনল মই
ময়ে প্ৰেম, ময়ে ঘৃণা
ময়ে প্ৰতিশোধৰ দাবানল।

মই সৃষ্টি , মই ধ্বংস
ময়ে প্ৰকৃতি পুৰুষৰ
ময়ে নাচোন , সাজোন - কাচোন 
ময়ে তাণ্ডৱ শিৱৰ 
ময়ে সতী, ময়ে পাৰ্বতী 
যুগ - যুগান্তৰৰ।

মই উন্মাদিনী ,মই কামুকিনী
ময়ে পাণ্ডৱৰ পাঞ্চালী
মই ধৰ্ষিতা আৰ্তনাদ
মই উৰ্ব্বশী, মই মেনকা
ময়ে সৰগৰ দেৱকন্যা।

মই গাভৰুৰ উমাল স্পৰ্শ
প্ৰেমাতুৰ প্ৰেমিকৰ হৃদয়বৃক্ষ 
মই শৰ্বৰীৰ প্ৰেম, মই অপেক্ষিতা
মই বিৰহীনি ৰাধা 
পৰকীয়া প্ৰেমৰ।

মই দুহিতা , ময়ে মাতৃ
ময়ে লালিতা, ময়ে পালিতা
মই শালিনী, ময়েই ৰমণী
মইয়ে যৌৱন যমুনা।

ময়ে গীত ময়ে ৰাগ
তানপুৰাৰ সুৰৰ মূৰ্চ্ছনা 
মই বহ্নিশিখা 
মায়াৱী ৰাতিৰ মধুচন্দ্ৰিকা
মই কালৰাত্ৰি
ঘোৰ অমানিশাৰ।

Comments

Popular posts from this blog

নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das