অনামী চিন্তন - Assamese poem by Deepika Das

অনামী চিন্তন


নিয়ৰসিক্ত ৰজনীগন্ধাৰ কোমল চুপহি
তাতেই যেন নিবিৰ সংগোপনে
মধুৰ আলিংগন জনাই
জোনাকীৰ মিঠা মৃদু চুম্বন
জোনাকৰ সমীৰে দিয়ে অবুজ শিহৰণ..

কুসুমৰ সুকোমলতাত যেন
কাঁইটৰ বিষ
গহীন বাস্তৱৰ বুকুত
স্মৃতিৰ কান্দোন
অনামী চিন্তন মোৰ
জীয়া সপোনৰ স্পন্দন
বুকুৰ ভিতৰত শুনো
অশান্তিৰ কাতৰ ক্ৰন্দন
তৃপ্তি নাই শান্তি নাই
কেৱল অশান্তিৰ গধুৰ বোজা।

জীৱন সংগ্ৰামৰ ঢৌত
হস্তলেখা ফাগুন ৰঙা ইতিহাস
দুখৰ নদীৰ তৰংগায়িত হৃদয়ত যেন
জীৱনৰ মধুৰ উন্মেষ।

This is an original Assamese poem by poet Deepika Das.

Comments

Popular posts from this blog

নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das