হৃদয়ৰ স্তৱক- Assamese poem by Deepika Das

হৃদয়ৰ স্তৱক
         দীপিকা দাস ( ছাঁয়া)
       

(১)
মৌনতাৰ শিকলিত ধৰি
কোনে মিচিকি হাঁহে?
শাৰ্বৰী নিশাৰ
জোনাকৰ জখলাত বগাই 
পি খাওঁ আঁউসীৰ অন্ধকাৰ

(২)
প্ৰবিষাময় প্ৰবাহে
নোৱাৰে ৰুধিব
স্ৰোতস্বিনীৰ প্ৰবাল সোঁতক।
বাৰিষাৰ বানেহে বুজে 
গাভিনী নদীৰ গভীৰতা।

(৩)
মন্থৰগামী জীৱনে হেৰুৱাই
ভৱিষ্যতৰ জোনাকী
তিৰবিৰ কৰিব খোজোতেই 
হেৰাই জীৱন মন্দাকিনী।


This is an original poem written by Assamese poet Deepika Das.

Comments

Popular posts from this blog

নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das