চুকাফা: এক অস্ত্ৰবিহীন বিপ্লৱ Assamese poem by Deepika Das

চুকাফা: এক অস্ত্ৰবিহীন বিপ্লৱ 


১১৮৯ খৃষ্টাব্দ -
ইতিহাসৰ বুকুত জ্বলি উঠা 
এটি পোহৰ
দুৰ পূৱ দেশত জন্ম লৈ
সপোন দেখিছিলা 
ভৱিষ্যত সোণৰ অসমৰ।

পূৱ পাহাৰৰ ছাঁ এৰি
পাটকাইৰ বুকুত খোজ পেলালা তুমি
হাতত অস্ত্ৰ নহয় - হাতত বিশ্বাস
ভিন্ন জাতি, ভিন্ন ভাষাক 
একেই মাটিত দিলা এক নিশ্বাস।

তোমাৰ ত্যাগত আছিল 
সহমতিৰ দ্বীপশক্তি
তোমাৰ বীৰত্বত আছিল
মাটিৰ লগত মানুহক 
একে দোলেৰে বান্ধিব পৰা দৃষ্টি। তুমি দিলা সাহসৰ বাণী
" ৰাজ্য মানে নহয় ক্ষমতা,
ৰাজ্য মানে সহমতি। "
" শাসন মানে নহয় ক্ষমতা,
শাসন মানে বিশ্বাস। "

ইয়াতেই আছিল বিপ্লৱৰ সূচনা
য'ত ইতিহাসে ৰক্ত বিচাৰে
তুমি মাটি আৰু অধিকাৰ দিলা
য'ত ইতিহাসে বিজয়ৰ নামত হত্যাৰ হিচাপ গনে 
তুমি সহাৱস্থানৰ নক্সা আঁকিলা 
য'ত ইতিহাসে দাসত্ব বিচাৰে 
তুমি মানুহক নাগৰিক কৰিলা।
য'ত ইতিহাসে ক্ষমতাৰ ৰঙা চিহ্ন টানে 
তুমি প্ৰতি খোজত বিশ্বাস ৰাখিলা।

পাটকাইৰ পাহাৰত তুমি 
তৰোৱাল পুতি থোৱা নাছিলা 
তুমি পুতি থৈছিলা 
ঘৃণাৰ ৰাজনীতি 
শোষণৰ সংস্কৃতি
আৰু শক্তিৰ ভণ্ডামি।

হে মহান,
তুমি অকল ব্যক্তিসত্বা নহয়
তুমি এটি আন্দোলন
তুমি এটি প্ৰশ্ন - আজিৰ অসমক সোধা
নীৰৱ কিন্তু তীক্ষ্ণ ভাৱে
" তোমালোকে এতিয়াও সহাৱস্থানক বিশ্বাস কৰানে?"
ক্ষমতা কাক লাগে, যদি মানুহ একেলগে নাথাকে?"

ইতিহাসে তোমাক অতীত বুলি ক'লেও
অসমে তোমাক আজিও ভৱিষ্যত বুলি জানে।
ঐতিহাসিক পিতৃ তুমি অসমৰ
তুমি মৃত্যুহীন এটি নাম
অসমৰ প্ৰতিহৃদয়ত আজিও বয়
তোমাৰ ঐক্যৰ অবিৰাম গান।
সেয়ে আজি অসমে ক'ব পাৰে
আমাৰ শক্তি - আমাৰ ঐক্য
জয় জনতাৰ জয়।


This is an original poem written by Assamese poet Deepika Das.

Comments

Popular posts from this blog

নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das