চুকাফা: ক্ষমতাৰ বিপৰীতে মানৱতা - Assamese poem by Deepika Das.
পাহাৰৰ বুকু ভেদি আহিছিল
এক ব্যক্তি সত্বা
নহয় তৰোৱাল লৈ ,
আহিছিল বাস্তৱিক এক স্বপ্ন লৈ
ইতিহাস লিখিবলৈ নহয়
ইতিহাস বচাবলৈ ।
যেতিয়া পৃথিৱীয়ে তৰোৱালৰ ভাষা শিকে
চুকাফাই শিকাইছিল
নীৰৱতা কেনেকৈ শক্তি হয় ।
ৰক্তৰ সিংহাসন চুৰমাৰ কৰি
শ্ৰমৰ ভেটিত ৰাজ্য গঢ়িলে,
কাৰণ
ক্ষমতা ভয়ত নহয়
বিশ্বাসত জন্ম লয় ।
জাতি ভাষা গোত্ৰ
সকলোকে কৰি একাকাৰ
মানৱতাৰ পতাকা উৰুৱালে।
তেওঁ মাটিক জয় কৰা নাছিল
মাটিৰ লগত সন্ধি কৰিছিল
মানুহক শাসন নকৰি
কেৱল সহবাস কৰিছিল ।
ব্ৰহ্মপুত্ৰৰ বুকুত চলা
ইতিহাসৰ পালখনিৰ
বঠা মাৰি তেওঁ ভাগৰা নাছিল,
তেওঁ যে আমাৰ পথ প্ৰদৰ্শক ।
চুকাফা মানে এটা
ৰাজবংশ নহয়
এক বিকল্প ৰাজনীতি ,
য'ত নাছিল ক্ষমতাৰ উচ্চভাষা
আছিল মিলন ব্যাকৰণৰ মধুভাষা ।
আজিও অসমে
কেঁচা মাটিৰ সুবাসত অনুভৱ কৰে
চুকাফাৰ উপস্থিতি ,
যি নিৰৱে উচ্চাৰিত হয়
প্ৰতি অসমীয়াৰ হৃদয়জুৰি।
আজিৰ দিনত যেতিয়া ক্ষমতাই
মানুহক টেটুলৈকে গিলি খায়,
তেতিয়া-
চুকাফা এটা প্ৰশ্ন হৈ সন্মুখত থিয় হয়-
তুমি কাক অনুসৰণ কৰিবা?
ৰজা নে প্ৰজা?
ইতিহাসে কয়
তেওঁ এজন ৰজা আছিল ,
মই কওঁ -
তেওঁ আছিল ক্ষমতাৰ অস্বীকাৰ
মিলনৰ অংগীকাৰ
জাতিৰ সীমা ভাঙি
সকলোকে একতাৰ দোলেৰে বান্ধি
তেওঁ লিখিছিল
"অসম"
যিয়ে বহন কৰে একলগে জীয়াই থকাৰ সাহস ।
তেওঁ কেৱল এজন সুদক্ষ ৰজাই নহয়
মানৱতাৰ এক দীঘলীয়া চিন্তা
অসম মানে কেৱল এখন ভূমি নহয়
মিলনৰ এক জীৱন্ত দৰ্শন।
This is an original Assamese poem written by poet Deepika Das.
Comments