এজাক ৰক্তাক্ত বাসনা - Assamese poem by Deepika Das
এজাক ৰক্তাক্ত বাসনা
দীপিকা দাস( ছাঁয়া)
6002197187
একান্ত ৰাতিৰ ৰহস্যঘন অন্ধকাৰত
তোমাৰ বুকুৰ দৰিয়লিত
দুহাতে খেপিয়াই ফুৰোঁ
কিজানিবা জোনাক আহেই নামি
তুমি যে মোক বাৰে বাৰে প্ৰশ্ন কৰা
জোনাকৰ সংজ্ঞা কি?
মোৰ বাবে তুমিয়েই জোনাক
তুমিয়েই সংজ্ঞা জোনাকৰ।
তোমাৰ বুকুৰ বিধৌত
জোনাক সিচাঁৰ আনন্দত
ভাস্বত হয় মোৰ
প্ৰতি লগণৰ উন্মুক্ত হেঁপাহ।
মোৰ বুকুৰ কণমানি ঘাঁহনিডৰাত
অনুভূত হয় তোমাৰ খোজৰ অনুৰণন
মোৰ দুনয়ন তোমাৰ দুনয়নত ৰাখি
জাগৰিত হয় অনুভৱ মোৰ
যেন তোমাৰ দিগন্ত প্ৰসাৰী বিয়পিম মই।
প্ৰতি যামিনী তোমাৰ মোৰ
এসাগৰ প্ৰেমালাপ আৰু সুখাবিলাস
ওষ্টলগ্নৰ জলকেলিত যেন
বিয়পি পৰে তোমাৰ মোৰ ভালপোৱাৰ
এজাক ৰক্তাক্ত বাসনা।
Comments