জোনাকত বাজে চিফুং: Assamese poem by Deepika Das

তোমাৰ চিফুঙৰ সুৰত
মাতাল হৈ পৰে
নিশাৰ জোনাকীজনী
ধৰাশাৰী হয়
গৰুবাটৰ জিলিজাক
ফৰিংফুটা জোনাকত
সেউজীয়া বননিত
প্ৰাণ পাই উঠে
কাৰোবাৰ দুভৰিৰ খোজ
তোমাৰ চিফুঙৰ সুৰ
মোৰ বুকুত বাজে
ওঁঠ ফাটি বব খোজা
তোমাৰ ৰক্ত নিনাদে
স্পৰ্শ কৰে
মোৰ কলিজাৰ কোঠা।

This is an original Assamese poem written by Assamese poet Deepika Das.

Comments

Popular posts from this blog

নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das