এমুঠি সেউজ শব্দৰ সন্ধানত . Assamese poem by Deepika Das
এমুঠি সেউজ শব্দৰ সন্ধানত
— দীপিকা দাস (ছাঁয়া)
কবিস্পদ,
তোৰ কাৰণেই
মোৰ উদং বুকুৰ পথাৰত
গজি উঠে
বাখৰুৱা প্ৰণয়ৰ
লঠঙা শইচ—
মাটিত শিপা ধৰা আশা।
তই নাজান,
তোৰ বাবেই
হাজাৰ জনৰ বুকুত
আঙুলি বুলাই
পিয়াপি দি ফুৰোঁ
দিনে-নিশাই—
কিজানি তোক পাওঁ বুলি।
তই নাজান,
তোক বিচাৰি
কাৰ অনুভৱৰ সৈতে
ৰাতিবোৰ কাটাওঁ।
তই চাগে ভাৱ
মই নষ্ট চৰিত্ৰৰ
তিৰোতা এজনী।
কিন্তু তই কি জান?
তোৰ বাবে
এমুঠি সেউজ শব্দৰ আশাত
দিহিঙে, দিপাঙে বগাই
নিশাৰ পৰতে
মই ঘৰ সাজোঁ—
নিজৰ হিয়া জ্বলাই।
This is an original Assamese poem witten by Assamese poet Deepika Das.

Comments