Posts

Showing posts from March, 2026

বৰ্ষাস্নাতা যৌৱন। Assamese poem by Deepika Das

মোৰ ভাৱনাৰ অপৰূপ জ্যোতি কেতিয়াবা চঞ্চলা মন মন্দাকিনী কেতিয়াবা ৰূপহী হয় তোমাৰ ভাৱত তুমি যে মোক বুজিও নুবুজা মই এক বোৱতী নদীৰ প্ৰবাহিত লগ্ন মই কিবা নাজানো নেকি তুমিও মোৰ বাবে ব্যাকুল হোৱা ব'হাগৰ দৰে বিনন্দীয়া হোৱা নৈ হৈ বৈ যাব খোজা মোৰ বুকুত.. তোমাক কেনেকৈ কওঁ ৰুদ্ধ হয় প্ৰতি উশাহ তোমাৰ ভাৱনাত ঘনীভূত হয় কজলা মেঘ দুচকুৰ কাজলত গহন মনৰ নিজান বনত বৰ্ষা হৈ বিয়পে যৌৱন তোমাক বাৰু কেনেকৈ কওঁ বহাগ কিয় আহে বাৰে বাৰে মোৰ বুকুলৈ.. বৰ্ষাস্নাতা বুকুৰ কেঁচা কলিজাত প্ৰস্ফুটিত হয় প্ৰেমৰ গজালি তোমাৰ নামৰ সপোন সিঁচি মেলি দিলোঁ জীৱনৰ পানচৈ খনি। This is an original Assamese poem by Deepika Das 

শিৰোনাম: কবিতা—মোৰ প্ৰাণ। Asssamese poem by Deepika Das.

তুমি কোৱাৰ দৰে কবিতা মোৰ প্ৰাণ, কবিতা মোৰ জীৱন— জীয়াই থকাৰ প্ৰেৰণা মোৰ। উজাগৰী নিশাৰ লগৰী, বিৰহৰো নীৰৱ সাক্ষী, যিয়ে মোক সঞ্জীৱিত কৰে প্ৰতি অনুভৱৰ ৰাগিনী। নিঃশব্দ বেদনা প্ৰকাশ শব্দৰ মিঠা ছাঁত, অশ্ৰুৰে লিখা কথা হৃদয়ৰ গোপন বেথা। কেতিয়াবা সপোনৰ দেউলত জোনাক হৈ জ্বলি উঠে, কেতিয়াবা দুখৰ আঁধাৰত আশাৰ দীপ হৈ জ্বলে। কবিতা—মোৰ অন্তৰাত্মা, মোৰ নীৰৱ কণ্ঠৰ সা ৰে গা মা পা তুমি কোৱাৰ দৰে— সেইয়ে কবিতা মোৰ জীৱনৰ সুৰ। This is an original Assamese poem by Deepika Das .

মন গহনত। Assamese poem by Deepika Das

প্ৰতি যামিনীৰ মধু লগনত  মোৰ মনআলিৰে  কোন বাৰু উজাই যায় সন্ধ্যা লগনৰ কোনোবা পৰত তেওঁ সুহুৰিয়াই মাতে.. কেতিয়াবা তেওঁ মোৰ বাবে মোৰ পদূলিৰ নঙলা মুখত ভূমুকি মাৰে কেতিয়াবা সংগোপনে  মইও ৰৈ থাকোঁ তেওঁৰ বাবে... অজানিতে অনুভৱে  খোপনি পোতে তেওঁৰ বাবে  তেওঁ অহাৰ পৰত  উদাসী মন যেন  গহীন হৈ পৰে... কেতিয়াবা তেওঁক বিচাৰি  মন উৰা মাৰে  দিহিঙে- দিপাঙে। This is an original Assamese poem by Deepika Das.

নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

বয়স যিমানেই বাঢ়ে আমি সিমানেই নীৰৱতাৰ প্ৰেমত পৰো। কোলাহলৰ ৰঙীন মেলা এদিন নিজেই এৰি আহো নিঃশব্দে। যৌৱনৰ সেই উচ্ছল হাঁহি আজিও মনত বাজে কেতিয়াবা, কিন্তু শব্দবোৰ এতিয়া মনতেহে সুৰ হৈ বাজে। বয়স বঢ়াৰ লগে লগে কথাবোৰো কমি আহে ধীৰে ধীৰে, হৃদয়ে বুজিবলৈ শিকে নীৰৱতাৰ গোপন ভাষা। এতিয়া নীৰৱতাই যেন মোৰ সঁচা সংগী, য’ত শব্দ নাথাকে কিন্তু অনুভৱবোৰ গভীৰ হৈ পৰে।

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

মাতৃৰ মমতাৰে সজোৱা পৃথিৱীখন নাৰীৰ হাঁহিতেই পায় উজ্বল পোহৰ। কেতিয়াবা স্নেহময়ী আই কেতিয়াবা সাহসী যুঁজাৰু জীৱনৰ পথত সদায়ে  আগুৱাই যায় তেওঁ দুখৰ হেজাৰ জোৱাৰ আহিলেও নেহেৰুৱাই  আশাৰ জেউতি বুকুত সপোন লৈ অন্ধকাৰ ফালি পোহৰ বিচাৰে আলয় খনিৰ উষ্ণতা সমাজৰ শক্তি দুয়োটাৰে উৎস নাৰী তেওঁৰ হাততেই গঢ়ে ভৱিষ্যতৰ নতুন দিশ  সেয়েহে নাৰী কেৱল মানুহ নহয় তেওঁ জীৱনৰ সৃষ্টি-সুৰ, সংগ্ৰাম, মমতা আৰু শক্তিৰ এক অবিনাশী জ্যোতি। This is an original Assamese poem by Deepika Das