Posts

Showing posts from February, 2026

ভাৱৰ উকমুকনি। Assamese poem by Deepika Das

কিমান যে আকুলতা  গোপন নিবিৰ এই নীৰৱতা  জীৱন যুজঁত হাৰি হাৰি  পুনৰ আইৰ কোলাত  প্ৰশান্তিৰ নিশ্বাস  এটি যেন সদ্যজাত শিশু বিশাল গগনত উৰি উৰি গঞা চিলনীৰ পাখিত যেন ওলমি ৰয়  আবেলিৰ ৰান্ধনী বেলি  গৰুবাটৰ ধূলি উৰুৱাই  ঘৰমুৱা হ'ল হালোৱা গৰু  পিছে পিছে ৰংমন দাইটি  বুকুত এবোজা কৃষিজীৱিৰ  ক্লান্তিৰ ভাৰ বানে ধোৱা পথাৰখনি যেন উৰুঙা হৈ ৰ'ল নিৰবধি জলধিৰ পাৰৰ  কঁহুৱাৰ চিকমিকনি  সংগোপনে বিয়পে  বতাহৰ গুণ-গুণনি হেমন্তৰ পক্ষাঘাটত  ওলমি ৰোৱা  নিয়ৰৰ টোপালৰ  অস্থিৰ স্থিতি তাতেই যেন বিয়পি ৰয় ফাগুনৰ মধুৰতা খিনি। This is an original Assamese poem written by Assamese poet Deepika Das. সংগ্ৰাম আৰু ক্লান্তিৰ মাজতো প্ৰকৃতি আৰু স্মৃতিয়ে মানুহক প্ৰশান্তি আৰু নতুন আশাৰ বতৰা দিয়ে। 📖 অলপ বিশ্লেষণ: “পুনৰ আইৰ কোলাত প্ৰশান্তিৰ নিশ্বাস” — জীৱনৰ যুঁজত পৰাজয়ৰ পিছতো মাতৃস্নেহে আশ্ৰয় আৰু শান্তি দিয়ে। “গঞা চিলনী”, “আবেলিৰ ৰান্ধনী বেলি”, “হালোৱা গৰু” — গ্ৰাম্য জীৱনৰ সজীৱ দৃশ্য। “কৃষিজীৱিৰ ক্লান্তিৰ ভাৰ” — মাটিৰ লগত জড়িত মানুহৰ নিঃশব্দ সংগ্ৰাম। “হ...

ফাগুন। Assamese poem by Deepika Das

ফাগুনৰ বতাহজাকে মনৰ দুৱাৰ খুলি দিলে নঙলাৰ মুখত বিচাৰিছোঁ তোমাক বিমিশ্ৰিত ছায়ামূৰ্ত্তি হৈ নানিবা জোনাক গুণ গুণ গানে গানে হৃদয়ত তোলে  সুৰৰ ৰাগিনী সোঁৱৰাই দিয়ে  দিনৰ আৰম্ভণি বতাহত কঁপে  কবিতাৰে ভৰা বগা কাগজ আন্দোলিত বিকশিত  হেজাৰ স্তৱক লুইতৰ ঢৌৱে ঢৌৱে বাঁহীৰ সুৰ ফাগুনৰ নিজম বনত কপাহী কোমল ফুলৰ সমাৰোহ টোপনিৰ আলিজালিত শুনিছোঁ নিজেই নিজৰ কণ্ঠধ্বনি পুৱাৰ টোপনিৰ মাদকতাত দেখিছোঁ  ৰঙাফুলে জনোৱা আদৰণি বতাহত বিচিত্ৰ দৃশ্যমালা  দুভৰিত সৰি ৰয় পলাশৰ ৰঙা হাঁহি  ফাগুনে ফাগুনে কামনাৰ ৰক্তিম কুসুমমালা তুমিটো জানাই  বহু যোজন বাট কাটি  আহিছোঁ মই তোমাৰ নগৰলৈ পথত এন্ধাৰ পোহৰৰ জিলিকনি। This is an original Assamese poem by Deepika Das.

সুকোমল হিয়াত তুমি

মনৰ গভীৰতম নীৰৱতাত যি শব্দই নাম নাপায়, সেই শব্দৰেই ৰূপ লৈ তুমি মোৰ হিয়াত থমকি ৰোৱা। চিনাকি দুখবোৰো তোমাৰ ছাঁত নিজে নিজে লুকাই বেদনাৰো যেন ভাষা সলনি হয় তোমাৰ উপস্থিতিত—অকথিত, শান্ত। তুমি কোনো প্ৰশ্ন নহয়, তুমি উত্তৰো নহয়, তুমি মাথোঁ সেই অনুভৱ যাক অনুভৱ কৰিয়েই জীয়াই আছোঁ। মোৰ সময়ৰ ধূলিৰে ধূসৰিত পাতত তুমি নীৰৱে লিখি যোৱা কবিতা, যাৰ কোনো শিৰোনাম নাই, তথাপিও মিঠা অনুভৱেৰে অনুৰণিত। মনৰ সুকোমল হিয়াত , তুমি মোৰ জীৱনৰ সেই একমাত্ৰ গহীনতা— য’ত ডুবি গৈয়েই মই নিজকে পাই যাওঁ। This is an original Assamese poem written by Assamese poet Deepika Das  এই কবিতাটিয়ে -নীৰৱ কিন্তু গভীৰ প্ৰেমে মানুহক আত্ম-চিন্তন আৰু জীৱনৰ সত্য অৰ্থ উপলব্ধি কৰোৱায় বুলি প্ৰকাশ কৰিছে।

বুকুৰ পাহে পাহে জোনাক। Assamese poem by Deepika Das

বুকুৰ পাহে পাহে প্ৰেমৰ স্পৰ্শ এয়াই নেকি অভিসাৰী নিশাৰ জোনাকৰ অৰ্থ প্ৰেম হেনো যৌৱনৰ স্বাক্ষৰ জীৱনৰ আঁকে অনুভৱৰ গভীৰ স্বপ্ন জীৱনৰ সমস্ত সুধা পি খাবৰ হেতু সৰলতা আৰু নিবিড়তাক আঁকোৱালি লৈছো প্ৰতিক্ষণ কৰাল লগা জীৱনৰ কোনোবাখিনিত সপোনবোৰ থমকি ৰ'ল বতাহ এজাক বলিছে নিজানৰ চিঞৰত ভাঁহি আহিছে অচিনা সুৰৰ মধুৰ গুঞ্জন। This is an original Assamese poem written by Assamese poet Deepika Das. কিছু অনুভূতিমূলক পাঠ: “বুকুৰ পাহে পাহে / প্ৰেমৰ স্পৰ্শ” — এই শাৰীটোৱে প্ৰেমক স্পৰ্শযোগ্য কিন্তু শব্দহীন কৰি তোলে। “অভিসাৰী নিশাৰ জোনাকৰ অৰ্থ” — জোনাক ইয়াত কেৱল প্ৰাকৃতিক উপাদান নহয়, প্ৰেমৰ গোপন ব্যাখ্যা। “প্ৰেম হেনো / যৌৱনৰ স্বাক্ষৰ” — প্ৰেমক সময়ৰ এক স্বাক্ষৰ হিচাপে চিত্ৰিত কৰা হৈছে, যি জীৱনৰ আঁকত ৰৈ যায়। শেষৰ স্তৱকত নিজান, বতাহ, অচিনা সুৰ — জীৱনৰ থমকি ৰোৱা সপোনৰ মাজতো আশাৰ মৃদু গুঞ্জন শুনা যায়।

প্ৰেমৰ দিৱস।Assamese poem by Deepika Das.

আজিৰ দিনটো তোমাৰ নামত সজোৱা— হৃদয়ৰ কোণত তেজে তেজে লিখা “ভালপোৱা”। তোমাৰ হাঁহিত পুৱা বেলিৰ পোহৰ, তোমাৰ নীৰৱতাতো লুকাই থাকে এহেজাৰ কথাৰ উষ্ণতা। হাতত হাত থৈ নিশাৰ জোনাকত হাঁহো, সময়ো যেন থমকি ৰয় আমাৰ মাজত এই ক্ষণটো চিৰদিন ৰাখিবলৈ। প্ৰেমৰ দিৱস বুলি কেৱল আজিৰ দিন নহয়, তুমি আছা যেতিয়ালৈ প্ৰতিটো দিনেই মোৰ বাবে প্ৰেমৰ দিৱস। This is an original Assamese poem written by Assamese poet Deepika Das.

নিশাৰ জোনাকী। Asaamese poem by Deepika Das

নিশাৰ বুকুত নামি আহে নীৰৱতাৰ মিঠা ছাঁ, তাতে জোনাকীয়ে জ্বলাই তোলে সপোনৰ সৰু সৰু দীপ। অন্ধকাৰৰ আঁচল ফালি চিকমিকায় আশাৰ ৰেখা, নিঃশব্দে কৈ যায় কাণে কাণে— “অন্ধকাৰেই শেষ নহয় পথৰ লেখাঁ।” জোনাকীৰ পোহৰত সাজে ভাঙি যোৱা মনৰ ঘৰ, ক্ষুদ্ৰ দীপৰেই জ্বলে কেতিয়াবা বৃহৎ জীৱনৰ অৰ্থ। নিশাৰ বুকুত জোনাকীৰ  এটি মৃদু প্ৰতিজ্ঞা— আন্ধাৰৰ মাজতো জন্ম লয় পোহৰৰ অকথ্য ভাষা। This is an original Assamese poem by Deepika Das 

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das

তোমাৰ বাবেই মোৰ উদং বুকুত এহেজাৰ ফুলৰ সুবাস তুমি আছা বাবেই ময়ো আছোঁ শূন্যতাৰ শেষ ৰাগিনীত মোৰ পজিসেউজীয়া মন গহনত ঘৰ সাজিলা নিৰৱে - গোপনে অজানিতে বহু সপোনে দোলা দি গ'ল হৃদয়ৰ বাকৰিত তুমি জেতুকাবুলীয়া বহাগ নে? সেউজবুলীয়া স্বপ্নৰ শাওন? তুমি সোণোৱালী আঘোণ নে উতলা ফাগুন? তোমাৰ বাবেই যে এই হৃদয় ইমান ব্যাকুল। This is an original Assamese poem written by Assamese poet Deepika Das.

নীৰৱ ভালপোৱাৰ জ্যোতি - Assamese poem by Deepika Das

Image
 এক নিবিৰ ভালপোৱাই মোক মাতাল কৰি ৰাখে তেজে তেজে তোমাৰ নামত প্ৰবাহিত গান সিৰাই সিৰাই বই আকুল যৌৱন মন পথাৰত অংকুৰিত হয় তোমাৰ প্ৰেমৰ জ্যোতি সেয়ে নেকি নীৰৱ ভালপোৱা যিয়ে মোক জীয়াই ৰাখে প্ৰতিপল আৱৰি তুমি বটবৃক্ষ হোৱা তোমাৰ ছাঁৰ তলত জিৰণি ল'ম বৃন্দাবনী বসন্তত নঙলাৰ সিপাৰৰ পৃথিৱী খনৰ বাবে মই ফুটোকীজনী হ'ম সন্ধিয়াৰ সূৰ্য নমা বুকুত জোনাক হৈ জীয়াম নক্ষত্ৰসচিত আকাশত। This is an original Assamese poem by Deepika Das.

ফুলৰ সুকোমলতাত কাঁইটৰ বিষ - Assamese poem by Deepika Das.

নিয়ৰসিক্ত ৰজনীগন্ধাৰ কোমল চুপহি তাতেই যেন নিবিৰে সংগোপনে মধুৰ আলিংগন জোনাকীৰ মিঠা মৃদু চুম্বন জোনাকৰ সমীৰে দিয়ে অবুজ শিহৰণ ফুলৰ সুকোমলতাত যেন কাঁইটৰ বিষ গহীন বাস্তৱৰ বুকুত স্মৃতিৰ কান্দোন অনামী চিন্তন মোৰ জীয়া সপোনৰ স্পন্দন বুকুৰ ভিতৰত শুনো অশান্তিৰ কাতৰ ক্ৰন্দন তৃপ্তি নাই শান্তি নাই কেৱল অশান্তিৰ গধুৰ বোজা জীৱন সংগ্ৰামৰ ঢৌত হস্তলেখা ফাগুন ৰঙা ইতিহাস দুখৰ নদীৰ তৰংগায়িত হৃদয়ত যেন জীৱনৰ মধুৰ উন্মেষ। This is an original Assamese poem by poet Deepika Das.