Posts

মাথোঁ আপোনাৰ নামতেই

  মাথোঁ আপোনাৰ নামতেই কাৰোবাক কিমান বেছি ভাল পালে, নিজৰ অনুভৱবোৰো তেওঁক সঁপি দিবলৈ মন যায় সেয়া হয়তো শব্দই নহয় মাথোঁ হৃদয়ে বুজে। কাৰোবাক কিমান গভীৰভাৱে ভাল পালে, তেওঁৰ এষাৰি মাতে নিস্তেজ জীৱনক আকৌ জীয়াই উঠাৰ প্ৰেৰণা দিব পাৰে। আপোনাক ভালপোৱাটো যেন এখনি যুদ্ধ য’ত জয়ৰ কোনো আশা নাই, পৰাজয়ৰো কোনো ভয় নাই; মাথোঁ আপোনাক অবিৰাম গতিৰে ভালপাই যোৱাই মোৰ একমাত্ৰ নিৰন্তৰ প্ৰচেষ্টা। আপোনাক ভালপোৱাটো যেন এক নিস্তব্ধ শিল্প— য’ত বাস্তৱ নাই, তথাপি অনুভৱৰ অসংখ্য সৃষ্টি আছে। আপোনাক পাবলৈ আপোনাৰ সান্নিধ্যৰ প্ৰয়োজন নাই, আপোনাৰ নামৰ হৃদয়ৰ কপঁনি বোৰেই যথেষ্ট মাথোঁ আপুনি জানি থ'ব— মোৰ প্ৰতিটো উজাগৰী নিশা, প্ৰতিটো জীপাল অনুভৱ, প্ৰতিটো হৃদয়ৰ স্পন্দন মাথোঁ আপোনাৰ নামতেই। আপোনাক ভালপোৱাটো যেন এক অপূৰ্ণ কবিতা— যি কবিতাৰ প্ৰতিটো শব্দত আপুনি, অথচ শেষ পৃষ্ঠাখন কেতিয়াও লিখা নহয়। আপোনাক  ভালপোৱাটো যেন এক নীৰৱ সাধনা য’ত আপোনাক পোৱাৰ আশা নাই, তথাপি আপোনাক ভালপোৱাৰ অন্ত নাই। আপোনাক ভালপোৱাটো যেন এক নীৰৱ প্ৰাৰ্থনা একো নিবিচাৰোঁ, মাথোঁ আপোনাৰ সুখৰ বাবেই প্ৰতিদিনে প্ৰাৰ্থনা কৰোঁ। আপুনি নাথাকিলেও আপোনাৰ স্...

নাৰী নিজেই এটা ধুনীয়া কবিতা। Assamese poem by Deepika Das.

নাৰী নিজেই এটা ধুনীয়া কবিতা— শব্দ নোহোৱা সুৰৰ দৰে, নিস্তব্ধতাৰ বুকুত ভাঁহি থাকে অলেখ কাহিনী হৈ নাৰী মাথোঁ মানুহ নহয়, এজোপা সপোনৰ গছ, য’ত দুখৰ পাত সৰি পৰে আৰু আশাৰ ফুলেৰে ভৰে বসন্ত। নাৰীৰ চকুত আছে এখন গভীৰ আকাশ, য’ত অশ্ৰু লুকাই থাকে জোনাকৰ পোহৰত হালধীয়া হৈ। নাৰী মানে মাথোঁ কোমলতা নহয়— এক আগ্নেয় শক্তি, নিজৰ দুখ জ্বলাই আলোক হৈ উজ্বলি উঠে আনৰ বাবে। নাৰীৰ মমতা নদীৰ দৰে— নিস্তব্ধে বৈ যায়, কিন্তু প্ৰয়োজনত পাহাৰ ভাঙিব পাৰে শক্তিৰে। নাৰী নিজেই এটা ধুনীয়া কবিতা— য'ত অনুভৱ বোৰ জীপাল হৈ উঠে অপূৰ্ণতাতো সম্পূৰ্ণ, ভাঙি গ’লেও পুনৰ গঢ়ে নিজৰেই নতুন সুৰত জীৱন ৰচে। This is an original Assamese poem by Deepika Das.

মমতাৰ পৰা প্ৰলয়লৈ। Assamese poem by Deepika Das

মই নাৰী  অন্তত আছে হাজাৰ মমতা সেই মমতাৰ আশ্ৰয় লৈ পাষণ্ড হতে প্ৰতি ক্ষণত আঘাত হানে মোৰ হৃদয়ত ৰক্ত পিপাসু নৰপিশাচ হতে বুজি নাপায় এই হিয়াৰ গভীৰতা... তথাপিও মই নাৰী— ভাঙি নপৰা এক অদৃশ্য শক্তি, অশ্ৰুৰ আঁৰত লুকাই থাকে অগ্নিৰ দৰে জ্বলা প্ৰতিবাদ মোৰ নিস্তব্ধতা নহয় দুর্বলতা ই এক গম্ভীৰ জোৱাৰ— সময় আহিলে ভাঙি পেলাব পাৰোঁ অন্যায়ৰ সকলো প্ৰাচীৰ। মই সহোঁ, কাৰণ মোৰ বুকুত জীৱন আছে, মই জীয়াই থাকোঁ— কাৰণ মোৰ অন্তৰত আশা আছে। দিনা মই ৰণচণ্ডী ভেশ ধৰিম সেইদিনা বুজিবি কিমান কঠোৰ মই। মোৰ বুকু ছেদ কৰা তোৰ বাক্যবানৰ উত্তৰ দিবলৈ মই ভয় নকৰো। তথাপিও মই যে নিৰৱ কিয় জাননে? কাৰণ মোৰ নিৰৱতা প্ৰচণ্ড খঙাল নহয়— ই এক সংযমৰ শক্তি, য’ত জ্বলি থাকে অসীম ধৈৰ্য। মই শান্ত সমাহিত হৈ থাকি ভালপাওঁ কাৰণ মই জানো শব্দতকৈ বেছি গভীৰ হয় সময়ৰ উত্তৰ মই ক্ষমাশীলা কাৰণ মোৰ ভিতৰত এতিয়াও জীয়াই আছে মমতা— যি মমতাই মোক মানুহ হৈ থাকিবলৈ শিকায়। মই নিৰৱ— কাৰণ মোৰ ভিতৰত এতিয়াও আছে উশাহ মানৱতাৰ এতিয়াও মৰমে ধৰি ৰাখিছে মোৰ ৰুদ্ৰ ৰূপ। কিন্তু সেইদিনা... যি দিনা সহনশীলতাৰ সীমা ভাঙিব, মোৰ দুচকুত নামি আহিব...

চাৰিটা কোঠাত জীৱনৰ অৰ্থ। By Deepika Das

চাৰিটি কোঠা মোৰ জীৱনৰ য'ত সাঁচি ৰাখিছোঁ এটি এটি মুহুৰ্তৰ ৰোমন্থিত চিৰাচৰিত কাহিনীবোৰ। সুখৰ সংজ্ঞা বিচাৰি এটি কোঠাত অকলশৰে বহি হিচাপ-নিকাচ কৰি যাওঁ ভূত, ভৱিষ্যত আৰু বৰ্তমানৰ। আন এটি কোঠাত দুখবোৰ নীৰৱে আঙুলিৰ ফাঁকেৰে সৰি যায়, জেলুকীয়া অতীতে গোপনে কান্দে— কোনেও নুশুনা এক সংগীতৰ নুপুৰ বাজে। তৃতীয় কোঠাটোত সপোনবোৰে ডেউকা মেলে, অপূৰ্ণ ইচ্ছাবোৰে আকাশ স্পৰ্শ কৰিব খোজে, আশাৰ পোহৰেৰে ভৰি উঠে অন্ধকাৰৰ প্ৰান্তবোৰ। চতুৰ্থ কোঠাটো কেৱল তোমাৰ বাবে— য'ত মাথোঁ তুমি আছা, নীৰৱ অথচ গভীৰ উপস্থিতি হৈ, মোৰ সমগ্ৰ সত্ত্বাৰ নবীন প্ৰেৰণা হৈ মোৰ জীৱনৰ সঁচা অৰ্থ হৈ। This is an original Assamese poem by Assamese poet Deepika Das.

বৰ্ষাস্নাতা যৌৱন। Assamese poem by Deepika Das

মোৰ ভাৱনাৰ অপৰূপ জ্যোতি কেতিয়াবা চঞ্চলা মন মন্দাকিনী কেতিয়াবা ৰূপহী হয় তোমাৰ ভাৱত তুমি যে মোক বুজিও নুবুজা মই এক বোৱতী নদীৰ প্ৰবাহিত লগ্ন মই কিবা নাজানো নেকি তুমিও মোৰ বাবে ব্যাকুল হোৱা ব'হাগৰ দৰে বিনন্দীয়া হোৱা নৈ হৈ বৈ যাব খোজা মোৰ বুকুত.. তোমাক কেনেকৈ কওঁ ৰুদ্ধ হয় প্ৰতি উশাহ তোমাৰ ভাৱনাত ঘনীভূত হয় কজলা মেঘ দুচকুৰ কাজলত গহন মনৰ নিজান বনত বৰ্ষা হৈ বিয়পে যৌৱন তোমাক বাৰু কেনেকৈ কওঁ বহাগ কিয় আহে বাৰে বাৰে মোৰ বুকুলৈ.. বৰ্ষাস্নাতা বুকুৰ কেঁচা কলিজাত প্ৰস্ফুটিত হয় প্ৰেমৰ গজালি তোমাৰ নামৰ সপোন সিঁচি মেলি দিলোঁ জীৱনৰ পানচৈ খনি। This is an original Assamese poem by Deepika Das 

শিৰোনাম: কবিতা—মোৰ প্ৰাণ। Asssamese poem by Deepika Das.

তুমি কোৱাৰ দৰে কবিতা মোৰ প্ৰাণ, কবিতা মোৰ জীৱন— জীয়াই থকাৰ প্ৰেৰণা মোৰ। উজাগৰী নিশাৰ লগৰী, বিৰহৰো নীৰৱ সাক্ষী, যিয়ে মোক সঞ্জীৱিত কৰে প্ৰতি অনুভৱৰ ৰাগিনী। নিঃশব্দ বেদনা প্ৰকাশ শব্দৰ মিঠা ছাঁত, অশ্ৰুৰে লিখা কথা হৃদয়ৰ গোপন বেথা। কেতিয়াবা সপোনৰ দেউলত জোনাক হৈ জ্বলি উঠে, কেতিয়াবা দুখৰ আঁধাৰত আশাৰ দীপ হৈ জ্বলে। কবিতা—মোৰ অন্তৰাত্মা, মোৰ নীৰৱ কণ্ঠৰ সা ৰে গা মা পা তুমি কোৱাৰ দৰে— সেইয়ে কবিতা মোৰ জীৱনৰ সুৰ। This is an original Assamese poem by Deepika Das .

মন গহনত। Assamese poem by Deepika Das

প্ৰতি যামিনীৰ মধু লগনত  মোৰ মনআলিৰে  কোন বাৰু উজাই যায় সন্ধ্যা লগনৰ কোনোবা পৰত তেওঁ সুহুৰিয়াই মাতে.. কেতিয়াবা তেওঁ মোৰ বাবে মোৰ পদূলিৰ নঙলা মুখত ভূমুকি মাৰে কেতিয়াবা সংগোপনে  মইও ৰৈ থাকোঁ তেওঁৰ বাবে... অজানিতে অনুভৱে  খোপনি পোতে তেওঁৰ বাবে  তেওঁ অহাৰ পৰত  উদাসী মন যেন  গহীন হৈ পৰে... কেতিয়াবা তেওঁক বিচাৰি  মন উৰা মাৰে  দিহিঙে- দিপাঙে। This is an original Assamese poem by Deepika Das.