নীৰৱ ভালপোৱাৰ জ্যোতি - Assamese poem by Deepika Das
এক নিবিৰ ভালপোৱাই
মোক মাতাল কৰি ৰাখে
তেজে তেজে তোমাৰ নামত
প্ৰবাহিত গান
সিৰাই সিৰাই বই আকুল যৌৱন
মন পথাৰত অংকুৰিত হয়
তোমাৰ প্ৰেমৰ জ্যোতি
সেয়ে নেকি নীৰৱ ভালপোৱা
যিয়ে মোক জীয়াই ৰাখে
প্ৰতিপল আৱৰি
তুমি বটবৃক্ষ হোৱা
তোমাৰ ছাঁৰ তলত জিৰণি ল'ম
বৃন্দাবনী বসন্তত
নঙলাৰ সিপাৰৰ পৃথিৱী খনৰ বাবে
মই ফুটোকীজনী হ'ম
সন্ধিয়াৰ সূৰ্য নমা বুকুত
জোনাক হৈ জীয়াম
নক্ষত্ৰসচিত আকাশত।
This is an original Assamese poem by Deepika Das.

Comments