বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das
তোমাৰ বাবেই মোৰ উদং বুকুত
এহেজাৰ ফুলৰ সুবাস
তুমি আছা বাবেই ময়ো আছোঁ
শূন্যতাৰ শেষ ৰাগিনীত
মোৰ পজিসেউজীয়া মন গহনত
ঘৰ সাজিলা নিৰৱে - গোপনে
অজানিতে বহু সপোনে দোলা দি গ'ল
হৃদয়ৰ বাকৰিত
তুমি জেতুকাবুলীয়া বহাগ নে?
সেউজবুলীয়া স্বপ্নৰ শাওন?
তুমি সোণোৱালী আঘোণ নে
উতলা ফাগুন?
তোমাৰ বাবেই যে এই হৃদয়
ইমান ব্যাকুল।
This is an original Assamese poem written by Assamese poet Deepika Das.
Comments