সুকোমল হিয়াত তুমি

মনৰ গভীৰতম নীৰৱতাত
যি শব্দই নাম নাপায়,
সেই শব্দৰেই ৰূপ লৈ
তুমি মোৰ হিয়াত থমকি ৰোৱা।

চিনাকি দুখবোৰো তোমাৰ ছাঁত
নিজে নিজে লুকাই
বেদনাৰো যেন ভাষা সলনি হয়
তোমাৰ উপস্থিতিত—অকথিত, শান্ত।

তুমি কোনো প্ৰশ্ন নহয়,
তুমি উত্তৰো নহয়,
তুমি মাথোঁ সেই অনুভৱ
যাক অনুভৱ কৰিয়েই জীয়াই আছোঁ।

মোৰ সময়ৰ ধূলিৰে ধূসৰিত পাতত
তুমি নীৰৱে লিখি যোৱা কবিতা,
যাৰ কোনো শিৰোনাম নাই,
তথাপিও মিঠা অনুভৱেৰে অনুৰণিত।

মনৰ সুকোমল হিয়াত ,
তুমি মোৰ জীৱনৰ
সেই একমাত্ৰ গহীনতা—
য’ত ডুবি গৈয়েই
মই নিজকে পাই যাওঁ।

This is an original Assamese poem written by Assamese poet Deepika Das 


এই কবিতাটিয়ে -নীৰৱ কিন্তু গভীৰ প্ৰেমে মানুহক আত্ম-চিন্তন আৰু জীৱনৰ সত্য অৰ্থ উপলব্ধি কৰোৱায় বুলি প্ৰকাশ কৰিছে।

Comments

Popular posts from this blog

নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das