ভাৱৰ উকমুকনি। Assamese poem by Deepika Das
কিমান যে আকুলতা
গোপন নিবিৰ এই নীৰৱতা
জীৱন যুজঁত হাৰি হাৰি
পুনৰ আইৰ কোলাত
প্ৰশান্তিৰ নিশ্বাস
এটি যেন সদ্যজাত শিশু
বিশাল গগনত উৰি উৰি
গঞা চিলনীৰ পাখিত যেন
ওলমি ৰয়
আবেলিৰ ৰান্ধনী বেলি
গৰুবাটৰ ধূলি উৰুৱাই
ঘৰমুৱা হ'ল হালোৱা গৰু
পিছে পিছে ৰংমন দাইটি
বুকুত এবোজা কৃষিজীৱিৰ
ক্লান্তিৰ ভাৰ
বানে ধোৱা পথাৰখনি যেন
উৰুঙা হৈ ৰ'ল
নিৰবধি জলধিৰ পাৰৰ
কঁহুৱাৰ চিকমিকনি
সংগোপনে বিয়পে
বতাহৰ গুণ-গুণনি
হেমন্তৰ পক্ষাঘাটত
ওলমি ৰোৱা
নিয়ৰৰ টোপালৰ
অস্থিৰ স্থিতি
তাতেই যেন বিয়পি ৰয়
ফাগুনৰ মধুৰতা খিনি।
This is an original Assamese poem written by Assamese poet Deepika Das.
সংগ্ৰাম আৰু ক্লান্তিৰ মাজতো প্ৰকৃতি আৰু স্মৃতিয়ে মানুহক প্ৰশান্তি আৰু নতুন আশাৰ বতৰা দিয়ে।
📖 অলপ বিশ্লেষণ:
“পুনৰ আইৰ কোলাত প্ৰশান্তিৰ নিশ্বাস” — জীৱনৰ যুঁজত পৰাজয়ৰ পিছতো মাতৃস্নেহে আশ্ৰয় আৰু শান্তি দিয়ে।
“গঞা চিলনী”, “আবেলিৰ ৰান্ধনী বেলি”, “হালোৱা গৰু” — গ্ৰাম্য জীৱনৰ সজীৱ দৃশ্য।
“কৃষিজীৱিৰ ক্লান্তিৰ ভাৰ” — মাটিৰ লগত জড়িত মানুহৰ নিঃশব্দ সংগ্ৰাম।
“হেমন্তৰ পক্ষাঘাট” আৰু “ফাগুনৰ মধুৰতা” — সময়ৰ পৰিবর্তনৰ মাজতো জীৱনত আশাৰ উপস্থিতি।
এই কবিতাত এটা নীৰৱ বেদনা আছে, কিন্তু তাৰ ভিতৰতেই লুকাই আছে পুনৰ জীৱনৰ স্পন্দন। 🌿
Comments