বুকুৰ পাহে পাহে জোনাক। Assamese poem by Deepika Das

বুকুৰ পাহে পাহে
প্ৰেমৰ স্পৰ্শ
এয়াই নেকি অভিসাৰী নিশাৰ
জোনাকৰ অৰ্থ

প্ৰেম হেনো
যৌৱনৰ স্বাক্ষৰ
জীৱনৰ আঁকে
অনুভৱৰ গভীৰ স্বপ্ন

জীৱনৰ সমস্ত সুধা
পি খাবৰ হেতু
সৰলতা আৰু নিবিড়তাক
আঁকোৱালি লৈছো প্ৰতিক্ষণ

কৰাল লগা জীৱনৰ কোনোবাখিনিত
সপোনবোৰ থমকি ৰ'ল
বতাহ এজাক বলিছে
নিজানৰ চিঞৰত
ভাঁহি আহিছে
অচিনা সুৰৰ মধুৰ গুঞ্জন।


This is an original Assamese poem written by Assamese poet Deepika Das.




কিছু অনুভূতিমূলক পাঠ:
“বুকুৰ পাহে পাহে / প্ৰেমৰ স্পৰ্শ” — এই শাৰীটোৱে প্ৰেমক স্পৰ্শযোগ্য কিন্তু শব্দহীন কৰি তোলে।
“অভিসাৰী নিশাৰ জোনাকৰ অৰ্থ” — জোনাক ইয়াত কেৱল প্ৰাকৃতিক উপাদান নহয়, প্ৰেমৰ গোপন ব্যাখ্যা।
“প্ৰেম হেনো / যৌৱনৰ স্বাক্ষৰ” — প্ৰেমক সময়ৰ এক স্বাক্ষৰ হিচাপে চিত্ৰিত কৰা হৈছে, যি জীৱনৰ আঁকত ৰৈ যায়।
শেষৰ স্তৱকত নিজান, বতাহ, অচিনা সুৰ — জীৱনৰ থমকি ৰোৱা সপোনৰ মাজতো আশাৰ মৃদু গুঞ্জন শুনা যায়।

Comments

Popular posts from this blog

নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das