ফাগুন। Assamese poem by Deepika Das
ফাগুনৰ বতাহজাকে
মনৰ দুৱাৰ খুলি দিলে
নঙলাৰ মুখত বিচাৰিছোঁ তোমাক
বিমিশ্ৰিত ছায়ামূৰ্ত্তি হৈ
নানিবা জোনাক
গুণ গুণ গানে গানে
হৃদয়ত তোলে
সুৰৰ ৰাগিনী
সোঁৱৰাই দিয়ে
দিনৰ আৰম্ভণি
বতাহত কঁপে
কবিতাৰে ভৰা বগা কাগজ
আন্দোলিত বিকশিত
হেজাৰ স্তৱক
লুইতৰ ঢৌৱে ঢৌৱে বাঁহীৰ সুৰ
ফাগুনৰ নিজম বনত
কপাহী কোমল
ফুলৰ সমাৰোহ
টোপনিৰ আলিজালিত
শুনিছোঁ নিজেই নিজৰ কণ্ঠধ্বনি
পুৱাৰ টোপনিৰ মাদকতাত দেখিছোঁ
ৰঙাফুলে জনোৱা আদৰণি
বতাহত বিচিত্ৰ দৃশ্যমালা
দুভৰিত সৰি ৰয়
পলাশৰ ৰঙা হাঁহি
ফাগুনে ফাগুনে
কামনাৰ ৰক্তিম কুসুমমালা
তুমিটো জানাই
বহু যোজন বাট কাটি
আহিছোঁ মই তোমাৰ নগৰলৈ
পথত এন্ধাৰ পোহৰৰ জিলিকনি।
This is an original Assamese poem by Deepika Das.
Comments