ফুলৰ সুকোমলতাত কাঁইটৰ বিষ - Assamese poem by Deepika Das.
নিয়ৰসিক্ত ৰজনীগন্ধাৰ কোমল চুপহি
তাতেই যেন নিবিৰে সংগোপনে
মধুৰ আলিংগন
জোনাকীৰ মিঠা মৃদু চুম্বন
জোনাকৰ সমীৰে দিয়ে অবুজ শিহৰণ
ফুলৰ সুকোমলতাত যেন
কাঁইটৰ বিষ
গহীন বাস্তৱৰ বুকুত
স্মৃতিৰ কান্দোন
অনামী চিন্তন মোৰ
জীয়া সপোনৰ স্পন্দন
বুকুৰ ভিতৰত শুনো
অশান্তিৰ কাতৰ ক্ৰন্দন
তৃপ্তি নাই শান্তি নাই
কেৱল অশান্তিৰ গধুৰ বোজা
জীৱন সংগ্ৰামৰ ঢৌত
হস্তলেখা ফাগুন ৰঙা ইতিহাস
দুখৰ নদীৰ তৰংগায়িত হৃদয়ত যেন
জীৱনৰ মধুৰ উন্মেষ।
This is an original Assamese poem by poet Deepika Das.
Comments