অৱগুণ্ঠিতা
মই অৱগুণ্ঠিতা—
মুখত নহয়,
অন্তৰত আঁৰিলোঁ
এক অদৃশ্য অৱগুণ্ঠন।
ঢাকি থ’লোঁ
মোৰ সৰু পৃথিৱীখন,
বুকুৰ ভিতৰতে পুতি থ’লোঁ
এটি আশাৰ সমাধি।
দুচকুত টানি ল’লোঁ
নীৰৱতাৰ অৱগুণ্ঠন—
য’ত এদিন
হাজাৰ প্ৰেমৰ ভাষা
উজ্জ্বলি উঠিছিল।
এতিয়া মাথোঁ
ওঁঠৰ দুৱাৰলৈ আহি
উভতি যায়
অসংখ্য উচ্ছাৰণহীন শব্দ;
নিথৰ হৈ পৰে
শব্দৰ সকলো লহৰী।
মোৰ হাঁহিটিও
এটি অৱগুণ্ঠন—
তাৰ আঁৰত লুকাই থাকে
এখন গোপন আকাশ;
আকাশখনত কেতিয়াবা
বৰষুণ নামে,
কোনেও নেদেখাকৈ।
মই অৱগুণ্ঠিতা—
এই আৱৰণ মোৰ দুৰ্বলতা নহয়,
ই মোৰ আত্মৰক্ষাৰ কৱচ।
কাৰণ সকলো সত্য
উন্মোচিত হ’ব নালাগে;
কিছুমান অনুভৱ
অৱগুণ্ঠিত হৈয়েই
অধিক নিৰাপদ হৈ থাকে।
আৰু কোনোবা এদিন
যদি কোনোবাই
এই অৱগুণ্ঠনৰ আঁৰত
মোক বিচাৰি পায়,
তেতিয়া বুজিব—
মই হেৰাই যোৱা নাছিলোঁ,
মাথোঁ নিজক
নিজৰ মাজতেই
অৱগুণ্ঠিত কৰি ৰাখিছিলোঁ।
This is an original Assamese poem by Deepika Das.
Comments