নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।
মাতৃৰ মমতাৰে সজোৱা পৃথিৱীখন
নাৰীৰ হাঁহিতেই পায় উজ্বল পোহৰ।
কেতিয়াবা স্নেহময়ী আই
কেতিয়াবা সাহসী যুঁজাৰু
জীৱনৰ পথত সদায়ে
আগুৱাই যায় তেওঁ
দুখৰ হেজাৰ জোৱাৰ আহিলেও
নেহেৰুৱাই আশাৰ জেউতি
বুকুত সপোন লৈ
অন্ধকাৰ ফালি পোহৰ বিচাৰে
আলয় খনিৰ উষ্ণতা
সমাজৰ শক্তি
দুয়োটাৰে উৎস নাৰী
তেওঁৰ হাততেই গঢ়ে
ভৱিষ্যতৰ নতুন দিশ
সেয়েহে নাৰী কেৱল মানুহ নহয়
তেওঁ জীৱনৰ সৃষ্টি-সুৰ,
সংগ্ৰাম, মমতা আৰু শক্তিৰ
এক অবিনাশী জ্যোতি।
This is an original Assamese poem by Deepika Das
Comments