Posts

Showing posts from September, 2026

অৱগুণ্ঠিতা

মই অৱগুণ্ঠিতা— মুখত নহয়, অন্তৰত আঁৰিলোঁ এক অদৃশ্য অৱগুণ্ঠন। ঢাকি থ’লোঁ মোৰ সৰু পৃথিৱীখন, বুকুৰ ভিতৰতে পুতি থ’লোঁ এটি আশাৰ সমাধি। দুচকুত টানি ল’লোঁ নীৰৱতাৰ অৱগুণ্ঠন— য’ত এদিন হাজাৰ প্ৰেমৰ ভাষা উজ্জ্বলি উঠিছিল। এতিয়া মাথোঁ ওঁঠৰ দুৱাৰলৈ আহি উভতি যায় অসংখ্য উচ্ছাৰণহীন শব্দ; নিথৰ হৈ পৰে শব্দৰ সকলো লহৰী। মোৰ হাঁহিটিও এটি অৱগুণ্ঠন— তাৰ আঁৰত লুকাই থাকে এখন গোপন আকাশ; আকাশখনত কেতিয়াবা বৰষুণ নামে, কোনেও নেদেখাকৈ। মই অৱগুণ্ঠিতা— এই আৱৰণ মোৰ দুৰ্বলতা নহয়, ই মোৰ আত্মৰক্ষাৰ কৱচ। কাৰণ সকলো সত্য উন্মোচিত হ’ব নালাগে; কিছুমান অনুভৱ অৱগুণ্ঠিত হৈয়েই অধিক নিৰাপদ হৈ থাকে। আৰু কোনোবা এদিন যদি কোনোবাই এই অৱগুণ্ঠনৰ আঁৰত মোক বিচাৰি পায়, তেতিয়া বুজিব— মই হেৰাই যোৱা নাছিলোঁ, মাথোঁ নিজক নিজৰ মাজতেই অৱগুণ্ঠিত কৰি ৰাখিছিলোঁ । This is an original Assamese poem by Deepika Das.

মই মোৰ সতে জীয়াই থাকিব বিচাৰোঁ

Image
বহুত দিন আনৰ চকুত নিজকে বিচাৰি ফুৰিলোঁ— কোনোবাই ভালপালে ভাল লাগিল, কোনোবাই পাহৰিলে নিজকে অলপ অলপকৈ হেৰুৱালোঁ। কোনোবাই কোৱা কথাত হাঁহিবলৈ শিকিলোঁ, কোনোবাই বিচৰা মতে মোৰ সপোনবোৰ সলাই দিলোঁ। নিজৰ মনটোক সুধিবলৈও সময় নাছিল যেন— “তই আচলতে কি বিচাৰিছ?” এতিয়া আৰু নোৱাৰোঁ। এতিয়া মই অলপ সময় মোৰ বাবে ৰাখিব বিচাৰোঁ; আনৰ হৈ জীয়াই জীয়াই যি “মই" নিজক হেৰুৱাই পেলাইছিলোঁ    আকৌ এবাৰ মোৰ বুকুৰ ভিতৰত বিচাৰি ল’ব বিচাৰোঁ। মই মোৰ সতে জীয়াই থাকিব বিচাৰোঁ— মোৰ হাঁহিৰ সৈতে, মোৰ চকুপানীৰ সৈতে, মোৰ আৱেগৰ সৈতে, মোৰ সপোন বোৰৰ সৈতে। মই আৰু সকলোকে সন্তুষ্ট কৰাৰ চেষ্টাত নিজকে অসন্তুষ্ট কৰি ৰাখিব নোখোজোঁ। যদি কেতিয়াবা মোৰ নীৰৱতা সুদীঘল হয়, তেন্তে মোক সুধিব নালাগে— “কি হ’ল?” হয়তো সেই সময়ত মই নিজৰ সৈতে কথা পাতি থাকিম, নিজৰ ভঙা টুকুৰাবোৰ এটা এটাকৈ জোৰা দি থাকিম। মই এতিয়া কাৰোবাৰ ছাঁ হৈ নহয়, নিজৰ পোহৰত খোজ কাঢ়িব বিচাৰোঁ। যি বাটত কোনো প্ৰতিশ্ৰুতি নাই, কোনো অপেক্ষা নাই, কোনো হেৰুওৱাৰ ভয় নাই— সেই বাটত মোৰ হাতখন মই নিজেই ধৰি আগুৱাই যাব বিচাৰোঁ। কাৰণ আন্তৰিকতাৰে আনক ভালপাই মই বুজিলোঁ— নিজক ভালপোৱা স্বাৰ...

ঈশ্বৰী নামেৰে

Image
ঈশ্বৰী নামেৰে কোনে মাতে মোক? কোন আপুনি— হৃদয় পৰশা শাওনৰ ঢল নে, আহিনৰ মায়াজাল? আঘোণৰ সুবাস নে, ফাগুনৰ উতলা ৰং— নে কোনোবা অচিনাকি ঋতু, যি মোৰ নিস্তব্ধ বুকুত গোপনে সিঁচি যায় এজাক অনামী প্ৰেম? আপোনাৰ মাতত কিয় জানো সন্ধিয়াবোৰ অলপ বেছি মায়াময় হয়, জোনকেও যেন মোৰ খিৰিকীৰ কাষত বহি আপোনাৰ কথাই কয়। আপুনি আহিলে শব্দবোৰে ভাষা হেৰুৱায়, প্ৰজাপতি মেলা সপোনে লিখে এজাক আকলুৱা প্ৰেমৰ কবিতা। দুচকুৰ নীলাত  কিমান যে কথা — যিবোৰ ক’বলৈ    জন্মজন্মান্তৰো ন'হব শেষ । প্ৰণয়ৰ দুৱাৰ খুলি বুকুত অহা-যোৱা কৰে প্ৰতি গধূলি। ভালপোৱাৰ ৰাগিনী তুলি কোন আপুনি মন কাৰেঙৰ অতুল অধিপতি। কেতিয়াবা শেৱালিৰ সুবাসত পাওঁ আপোনাক বিচাৰি কেতিয়াবা বৰষুণৰ টোপালত আপোনাৰ আঙুলিৰ পৰশ। আৰু জোনাক নিশাত যেতিয়া আকাশখন অতি নিৰৱ হৈ পৰে, তেতিয়া মনে মনে আপোনাৰ নামৰেই মোৰ হৃদয়ত জ্বলি থাকে এটি নিৰ্বাক প্ৰদীপ হৈ। আপুনি  জানেনে— আপোনাক ভালপোৱাৰ পাছত মই ঋতুবোৰকো নতুনকৈ চিনিবলৈ শিকিছোঁ। আপোনাক ভালপাওঁ বাবেই  ন কৈ জী উঠিছোঁ আপোনাৰ বাবেই হৃদয়ত  শুভকামনাৰ গান শাওন এতিয়া কেৱল বৰষুণ নহয়, আহিন কেৱল কঁহুৱাৰ বতাহ নহয়,...