নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

বয়স যিমানেই বাঢ়ে
আমি সিমানেই নীৰৱতাৰ প্ৰেমত পৰো।
কোলাহলৰ ৰঙীন মেলা এদিন
নিজেই এৰি আহো নিঃশব্দে।

যৌৱনৰ সেই উচ্ছল হাঁহি
আজিও মনত বাজে কেতিয়াবা,
কিন্তু শব্দবোৰ এতিয়া
মনতেহে সুৰ হৈ বাজে।

বয়স বঢ়াৰ লগে লগে
কথাবোৰো কমি আহে ধীৰে ধীৰে,
হৃদয়ে বুজিবলৈ শিকে
নীৰৱতাৰ গোপন ভাষা।

এতিয়া নীৰৱতাই যেন
মোৰ সঁচা সংগী,
য’ত শব্দ নাথাকে
কিন্তু অনুভৱবোৰ গভীৰ হৈ পৰে।

Comments

Popular posts from this blog

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das