মই মোৰ সতে জীয়াই থাকিব বিচাৰোঁ



বহুত দিন আনৰ চকুত
নিজকে বিচাৰি ফুৰিলোঁ—
কোনোবাই ভালপালে ভাল লাগিল,
কোনোবাই পাহৰিলে
নিজকে অলপ অলপকৈ হেৰুৱালোঁ।

কোনোবাই কোৱা কথাত
হাঁহিবলৈ শিকিলোঁ,
কোনোবাই বিচৰা মতে
মোৰ সপোনবোৰ সলাই দিলোঁ।
নিজৰ মনটোক সুধিবলৈও
সময় নাছিল যেন—

“তই আচলতে কি বিচাৰিছ?”

এতিয়া আৰু নোৱাৰোঁ।

এতিয়া মই
অলপ সময়
মোৰ বাবে ৰাখিব বিচাৰোঁ;
আনৰ হৈ জীয়াই জীয়াই
যি “মই" নিজক হেৰুৱাই পেলাইছিলোঁ  
আকৌ এবাৰ
মোৰ বুকুৰ ভিতৰত
বিচাৰি ল’ব বিচাৰোঁ।

মই মোৰ সতে
জীয়াই থাকিব বিচাৰোঁ—
মোৰ হাঁহিৰ সৈতে,
মোৰ চকুপানীৰ সৈতে,
মোৰ আৱেগৰ সৈতে,
মোৰ সপোন বোৰৰ সৈতে।

মই আৰু
সকলোকে সন্তুষ্ট কৰাৰ
চেষ্টাত নিজকে
অসন্তুষ্ট কৰি ৰাখিব নোখোজোঁ।

যদি কেতিয়াবা
মোৰ নীৰৱতা সুদীঘল হয়,
তেন্তে মোক সুধিব নালাগে—
“কি হ’ল?”

হয়তো সেই সময়ত
মই নিজৰ সৈতে কথা পাতি থাকিম,
নিজৰ ভঙা টুকুৰাবোৰ
এটা এটাকৈ জোৰা দি থাকিম।

মই এতিয়া
কাৰোবাৰ ছাঁ হৈ নহয়,
নিজৰ পোহৰত
খোজ কাঢ়িব বিচাৰোঁ।

যি বাটত
কোনো প্ৰতিশ্ৰুতি নাই,
কোনো অপেক্ষা নাই,
কোনো হেৰুওৱাৰ ভয় নাই—
সেই বাটত
মোৰ হাতখন
মই নিজেই ধৰি
আগুৱাই যাব বিচাৰোঁ।

কাৰণ আন্তৰিকতাৰে আনক ভালপাই
মই বুজিলোঁ—
নিজক ভালপোৱা
স্বাৰ্থপৰতা নহয়;
ই এক প্ৰয়োজন,
এটা নীৰৱ সাহস,
এটা উশাহৰ দৰে
অত্যাৱশ্যক অনুভৱ।

সেয়ে এতিয়া
মই কাৰোবাৰ বাবে নহয়,
কাৰোবাৰ বিৰুদ্ধেও নহয়—

মই কেৱল
মোৰ সতে
জীয়াই থাকিব বিচাৰোঁ।

মোৰ অসম্পূৰ্ণতাবোৰক লৈ,
মোৰ নীৰৱতাবোৰক লৈ,
মোৰ সৰু সৰু সুখবোৰক লৈ—
এবাৰ অন্তত
মোৰ জীৱনটো
মোৰ নিজৰ দৰে
জীয়াই চাব বিচাৰোঁ।
This is an original Assamese poem by Deepika Das.


Comments

Popular posts from this blog

নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das