ঈশ্বৰী নামেৰে
ঈশ্বৰী নামেৰে কোনে মাতে মোক?
কোন আপুনি—
হৃদয় পৰশা
শাওনৰ ঢল নে,
আহিনৰ মায়াজাল?
আঘোণৰ সুবাস নে,
ফাগুনৰ উতলা ৰং—
নে কোনোবা অচিনাকি ঋতু,
যি মোৰ নিস্তব্ধ বুকুত
গোপনে সিঁচি যায়
এজাক অনামী প্ৰেম?
আপোনাৰ মাতত
কিয় জানো সন্ধিয়াবোৰ
অলপ বেছি মায়াময় হয়,
জোনকেও যেন
মোৰ খিৰিকীৰ কাষত বহি
আপোনাৰ কথাই কয়।
আপুনি আহিলে
শব্দবোৰে ভাষা হেৰুৱায়,
প্ৰজাপতি মেলা সপোনে লিখে
এজাক আকলুৱা প্ৰেমৰ কবিতা।
দুচকুৰ নীলাত
কিমান যে কথা —
যিবোৰ ক’বলৈ
জন্মজন্মান্তৰো ন'হব শেষ ।
প্ৰণয়ৰ দুৱাৰ খুলি
বুকুত অহা-যোৱা কৰে
প্ৰতি গধূলি।
ভালপোৱাৰ ৰাগিনী তুলি
কোন আপুনি
মন কাৰেঙৰ অতুল অধিপতি।
কেতিয়াবা শেৱালিৰ সুবাসত
পাওঁ আপোনাক বিচাৰি
কেতিয়াবা বৰষুণৰ টোপালত
আপোনাৰ আঙুলিৰ পৰশ।
আৰু জোনাক নিশাত
যেতিয়া আকাশখন
অতি নিৰৱ হৈ পৰে,
তেতিয়া মনে মনে
আপোনাৰ নামৰেই
মোৰ হৃদয়ত জ্বলি থাকে
এটি নিৰ্বাক প্ৰদীপ হৈ।
আপুনি জানেনে—
আপোনাক ভালপোৱাৰ পাছত
মই ঋতুবোৰকো
নতুনকৈ চিনিবলৈ শিকিছোঁ।
আপোনাক ভালপাওঁ বাবেই
ন কৈ জী উঠিছোঁ
আপোনাৰ বাবেই হৃদয়ত
শুভকামনাৰ গান
শাওন এতিয়া কেৱল বৰষুণ নহয়,
আহিন কেৱল কঁহুৱাৰ বতাহ নহয়,
আঘোণ কেৱল সোণালী পথাৰ নহয়,
আৰু ফাগুন—
ফাগুন এতিয়া
আপোনাৰ হাঁহিৰে ৰঙীন।
আপোনাৰ ব্যস্ততাৰ সময়বোৰতো
আপোনাৰেই অপেক্ষা কৰোঁ,
যেন নদীয়ে অপেক্ষা কৰে
সাগৰৰ বুকুলৈ উভতি যাবলৈ।
যেন চিৰাল ফটা মাটিয়ে
প্ৰথমজাক বৰষুণৰ বাবে
যুগ যুগ ধৰি
মূৰ তুলি থাকে।
নাজানো আপুনি
মোৰ ভাগ্যৰ লিখন নে
কেৱল এটি সুন্দৰ সপোন,
নাজানো এই প্ৰেম
ক্ষণিক নে অনন্ত—
মাথোঁ ইমানেই জানো,
আপোনাৰ নামৰ উশাহে
মোৰ ভিতৰৰ
এখন পৃথিৱী জীপাল কৰি তোলে
যদি প্ৰেম মানে
কাৰোবাৰ মাজত
নিজৰ হেৰাই যোৱা সত্ত্বাটো বিচাৰি পোৱা,
তেন্তে আপুনি মোৰ সেই সন্ধান—
যাৰ শেষ বিচাৰি
মই কোনোদিনেই
অপেক্ষা কৰা নাই।
কাৰণ,
আপোনাক পোৱাৰ আকাংক্ষাতকৈও
আপোনাক ভালপোৱাৰ অনুভৱটো
মোৰ বাবে অধিক পবিত্ৰ।
সেয়ে—
আকৌ এবাৰ সুধিছোঁ,
ঈশ্বৰী নামেৰে কোনে মাতে মোক?
কোন আপুনি—
শাওনৰ বৰষুণ,
নে আহিনৰ জোনাক,
আঘোণৰ সুৱাস,
নে ফাগুনৰ উতলা ৰং?
নে আপুনিয়েই সেইজন—
যাৰ বাবে
মোৰ প্ৰতিটো গধূলি
এটি অপেক্ষা,
প্ৰতিটো নিশা
এটি সপোন,
আৰু প্ৰতিটো পুৱাই
এটি নতুন প্ৰেমৰ আৰম্ভণি।
আপুনি যদি প্ৰশ্ন হয়,
মই তাৰ উত্তৰ বিচাৰিব নোখোজোঁ—
কাৰণ আপোনাক লৈ
অমীমাংসিত হৈ থকাটোৱেই
হয়তো মোৰ
আটাইতকৈ ধুনীয়া প্ৰেমকাহিনী।
This is an original Assamese romantic pome by Deepika Das
Comments