মাথোঁ আপোনাৰ নামতেই

 

মাথোঁ আপোনাৰ নামতেই


কাৰোবাক কিমান বেছি ভাল পালে,

নিজৰ অনুভৱবোৰো

তেওঁক সঁপি দিবলৈ মন যায়

সেয়া হয়তো শব্দই নহয়

মাথোঁ হৃদয়ে বুজে।


কাৰোবাক কিমান গভীৰভাৱে ভাল পালে,

তেওঁৰ এষাৰি মাতে

নিস্তেজ জীৱনক

আকৌ জীয়াই উঠাৰ

প্ৰেৰণা দিব পাৰে।


আপোনাক ভালপোৱাটো যেন

এখনি যুদ্ধ

য’ত জয়ৰ কোনো আশা নাই,

পৰাজয়ৰো কোনো ভয় নাই;

মাথোঁ আপোনাক অবিৰাম গতিৰে

ভালপাই যোৱাই

মোৰ একমাত্ৰ নিৰন্তৰ প্ৰচেষ্টা।


আপোনাক ভালপোৱাটো যেন

এক নিস্তব্ধ শিল্প—

য’ত বাস্তৱ নাই,

তথাপি অনুভৱৰ অসংখ্য সৃষ্টি আছে।

আপোনাক পাবলৈ

আপোনাৰ সান্নিধ্যৰ প্ৰয়োজন নাই,

আপোনাৰ নামৰ হৃদয়ৰ কপঁনি বোৰেই যথেষ্ট


মাথোঁ আপুনি জানি থ'ব—

মোৰ প্ৰতিটো উজাগৰী নিশা,

প্ৰতিটো জীপাল অনুভৱ,

প্ৰতিটো হৃদয়ৰ স্পন্দন

মাথোঁ আপোনাৰ নামতেই।


আপোনাক ভালপোৱাটো যেন

এক অপূৰ্ণ কবিতা—

যি কবিতাৰ প্ৰতিটো শব্দত আপুনি,

অথচ শেষ পৃষ্ঠাখন

কেতিয়াও লিখা নহয়।


আপোনাক  ভালপোৱাটো যেন

এক নীৰৱ সাধনা

য’ত আপোনাক পোৱাৰ আশা নাই,

তথাপি আপোনাক ভালপোৱাৰ

অন্ত নাই।


আপোনাক ভালপোৱাটো যেন

এক নীৰৱ প্ৰাৰ্থনা

একো নিবিচাৰোঁ,

মাথোঁ আপোনাৰ সুখৰ বাবেই

প্ৰতিদিনে প্ৰাৰ্থনা কৰোঁ।


আপুনি নাথাকিলেও

আপোনাৰ স্মৃতিবোৰ থাকিব

আপুনি নক’লেও

আপোনাৰ মাতৰ লহৰে

বুকুত খুন্দা মাৰিব


আৰু সেইয়াই যথেষ্ট

মোৰ ভালপোৱাক

জীয়াই ৰাখিবলৈ…

মাথোঁ আপোনাৰ নামতেই।

Comments

Popular posts from this blog

নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das