চাৰিটা কোঠাত জীৱনৰ অৰ্থ। By Deepika Das

চাৰিটি কোঠা মোৰ জীৱনৰ
য'ত সাঁচি ৰাখিছোঁ
এটি এটি মুহুৰ্তৰ ৰোমন্থিত
চিৰাচৰিত কাহিনীবোৰ।

সুখৰ সংজ্ঞা বিচাৰি
এটি কোঠাত
অকলশৰে বহি
হিচাপ-নিকাচ কৰি যাওঁ
ভূত, ভৱিষ্যত আৰু বৰ্তমানৰ।

আন এটি কোঠাত
দুখবোৰ নীৰৱে
আঙুলিৰ ফাঁকেৰে সৰি যায়,
জেলুকীয়া অতীতে গোপনে কান্দে—
কোনেও নুশুনা এক সংগীতৰ নুপুৰ বাজে।

তৃতীয় কোঠাটোত
সপোনবোৰে ডেউকা মেলে,
অপূৰ্ণ ইচ্ছাবোৰে
আকাশ স্পৰ্শ কৰিব খোজে,
আশাৰ পোহৰেৰে ভৰি উঠে
অন্ধকাৰৰ প্ৰান্তবোৰ।

চতুৰ্থ কোঠাটো
কেৱল তোমাৰ বাবে—
য'ত মাথোঁ তুমি আছা,
নীৰৱ অথচ গভীৰ উপস্থিতি হৈ,
মোৰ সমগ্ৰ সত্ত্বাৰ নবীন প্ৰেৰণা হৈ
মোৰ জীৱনৰ সঁচা অৰ্থ হৈ।


This is an original Assamese poem by Assamese poet Deepika Das.

Comments

Popular posts from this blog

নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das