নাৰী নিজেই এটা ধুনীয়া কবিতা। Assamese poem by Deepika Das.


নাৰী নিজেই এটা ধুনীয়া কবিতা—
শব্দ নোহোৱা সুৰৰ দৰে,
নিস্তব্ধতাৰ বুকুত
ভাঁহি থাকে অলেখ কাহিনী হৈ
নাৰী মাথোঁ মানুহ নহয়,
এজোপা সপোনৰ গছ,
য’ত দুখৰ পাত সৰি পৰে
আৰু আশাৰ ফুলেৰে ভৰে বসন্ত।
নাৰীৰ চকুত আছে
এখন গভীৰ আকাশ,
য’ত অশ্ৰু লুকাই থাকে
জোনাকৰ পোহৰত হালধীয়া হৈ।
নাৰী মানে মাথোঁ কোমলতা নহয়—
এক আগ্নেয় শক্তি,
নিজৰ দুখ জ্বলাই
আলোক হৈ উজ্বলি উঠে আনৰ বাবে।
নাৰীৰ মমতা নদীৰ দৰে—
নিস্তব্ধে বৈ যায়,
কিন্তু প্ৰয়োজনত
পাহাৰ ভাঙিব পাৰে শক্তিৰে।
নাৰী নিজেই এটা ধুনীয়া কবিতা—
য'ত অনুভৱ বোৰ
জীপাল হৈ উঠে
অপূৰ্ণতাতো সম্পূৰ্ণ,
ভাঙি গ’লেও পুনৰ গঢ়ে
নিজৰেই নতুন সুৰত জীৱন ৰচে।

This is an original Assamese poem by Deepika Das.

Comments

Popular posts from this blog

নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das