শিৰোনাম: কবিতা—মোৰ প্ৰাণ। Asssamese poem by Deepika Das.


তুমি কোৱাৰ দৰে
কবিতা মোৰ প্ৰাণ,
কবিতা মোৰ জীৱন—
জীয়াই থকাৰ প্ৰেৰণা মোৰ।

উজাগৰী নিশাৰ লগৰী,
বিৰহৰো নীৰৱ সাক্ষী,
যিয়ে মোক সঞ্জীৱিত কৰে
প্ৰতি অনুভৱৰ ৰাগিনী।

নিঃশব্দ বেদনা প্ৰকাশ
শব্দৰ মিঠা ছাঁত,
অশ্ৰুৰে লিখা কথা
হৃদয়ৰ গোপন বেথা।

কেতিয়াবা সপোনৰ দেউলত
জোনাক হৈ জ্বলি উঠে,
কেতিয়াবা দুখৰ আঁধাৰত
আশাৰ দীপ হৈ জ্বলে।

কবিতা—মোৰ অন্তৰাত্মা,
মোৰ নীৰৱ কণ্ঠৰ সা ৰে গা মা পা
তুমি কোৱাৰ দৰে—
সেইয়ে কবিতা মোৰ জীৱনৰ সুৰ।


This is an original Assamese poem by Deepika Das .

Comments

Popular posts from this blog

নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das