বৰ্ষাস্নাতা যৌৱন। Assamese poem by Deepika Das
মোৰ ভাৱনাৰ অপৰূপ জ্যোতি
কেতিয়াবা চঞ্চলা মন মন্দাকিনী
কেতিয়াবা ৰূপহী হয় তোমাৰ ভাৱত
তুমি যে মোক বুজিও নুবুজা
মই এক বোৱতী নদীৰ
প্ৰবাহিত লগ্ন
মই কিবা নাজানো নেকি
তুমিও মোৰ বাবে ব্যাকুল হোৱা
ব'হাগৰ দৰে বিনন্দীয়া হোৱা
নৈ হৈ বৈ যাব খোজা
মোৰ বুকুত..
তোমাক কেনেকৈ কওঁ
ৰুদ্ধ হয় প্ৰতি উশাহ
তোমাৰ ভাৱনাত
ঘনীভূত হয় কজলা মেঘ
দুচকুৰ কাজলত
গহন মনৰ নিজান বনত
বৰ্ষা হৈ বিয়পে যৌৱন
তোমাক বাৰু কেনেকৈ কওঁ
বহাগ কিয় আহে বাৰে বাৰে
মোৰ বুকুলৈ..
বৰ্ষাস্নাতা বুকুৰ কেঁচা কলিজাত
প্ৰস্ফুটিত হয় প্ৰেমৰ গজালি
তোমাৰ নামৰ সপোন সিঁচি
মেলি দিলোঁ জীৱনৰ পানচৈ খনি।
This is an original Assamese poem by Deepika Das
Comments