মন গহনত। Assamese poem by Deepika Das
প্ৰতি যামিনীৰ মধু লগনত
মোৰ মনআলিৰে
কোন বাৰু উজাই যায়
সন্ধ্যা লগনৰ কোনোবা পৰত
তেওঁ সুহুৰিয়াই মাতে..
কেতিয়াবা তেওঁ মোৰ বাবে
মোৰ পদূলিৰ নঙলা মুখত
ভূমুকি মাৰে
কেতিয়াবা সংগোপনে
মইও ৰৈ থাকোঁ
তেওঁৰ বাবে...
অজানিতে অনুভৱে
খোপনি পোতে তেওঁৰ বাবে
তেওঁ অহাৰ পৰত
উদাসী মন যেন
গহীন হৈ পৰে...
কেতিয়াবা তেওঁক বিচাৰি
মন উৰা মাৰে
দিহিঙে- দিপাঙে।
This is an original Assamese poem by Deepika Das.
Comments