হৃদয়ৰ উষ্ণতা💐🫶

 🌸হৃদয়ৰ উষ্ণতা🌸

.

.

এই যে জীৱনৰ লগত সাঙোৰ খাই পৰা সৰু সৰু হেঁপাহ বোৰ, চকু মেলি দেখা সপোন বোৰ সজাবলৈ নিজকে সাহস যোগোৱাৰ সময়কণ মোৰ নিজৰ সময়। বাস্তৱৰ  আস্ফালনত নিজকে সাহসী কৰি তোলাৰ সময়কণ বৰ আপুৰুগীয়া। 🙋


হৃদয়ৰ নজহা - নপমা কথাবোৰ নিজৰ মাজতে আপোন পাহৰা হৈ পতাৰ সময়কণ মোৰ বৰ আপোন।সেই সময়কণে যে প্ৰতিদিনে মোক হাত -বাউল দি মাতে।🫴


মই যে প্ৰায়ে দাপোন খনৰ সন্মুখত নিজক ৰাখি চকুজুৰি চাই আপোন পাহৰা হৈ ৰও। প্ৰেমত পৰো আপোন নয়নজুৰিৰ।


আপুনি বাৰু কেতিয়াবা এই অনুভৱৰ সাক্ষী হৈ পাইছেনে?কেতিয়াবা চাবচোন এনেদৰে নিজকে আপোন -আপোন লাগিব। কেতিয়াবা হয়তো এনে অনুভৱ হ'ব পাৰে - দাপোনখনৰ সিপাৰে থকা পৃথিৱী খন যেন সম্পূৰ্ণ নতুন । কোনো দিনে নেদেখা এখনি নতুন মুখ দাপোন খনিৰ সন্মুখত থিয় দি আছে । 


কেতিয়াবা মোৰ নিজৰে খেলিমেলি লাগি যায় নিজকে চাই চাই। এই যে নিজক চোৱাৰ সময়কণ মোৰ বৰ আপোন।♥♥♥ 


            


             🌼মোৰ অনুভৱেৰে আপুনিও জীপাল হৈ চাবচোন।বিশ্বাস কৰক আপোনাৰ হৃদয় খনো আহ্লাদিত হ'ব।🌼


Comments

Popular posts from this blog

নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das