মমতাৰ পৰা প্ৰলয়লৈ। Assamese poem by Deepika Das


মই নাৰী 

অন্তত আছে হাজাৰ মমতা

সেই মমতাৰ আশ্ৰয় লৈ

পাষণ্ড হতে প্ৰতি ক্ষণত
আঘাত হানে মোৰ হৃদয়ত
ৰক্ত পিপাসু নৰপিশাচ হতে
বুজি নাপায়
এই হিয়াৰ গভীৰতা...

তথাপিও মই নাৰী—
ভাঙি নপৰা এক অদৃশ্য শক্তি,
অশ্ৰুৰ আঁৰত লুকাই থাকে
অগ্নিৰ দৰে জ্বলা প্ৰতিবাদ

মোৰ নিস্তব্ধতা নহয় দুর্বলতা
ই এক গম্ভীৰ জোৱাৰ—
সময় আহিলে ভাঙি পেলাব পাৰোঁ
অন্যায়ৰ সকলো প্ৰাচীৰ।

মই সহোঁ,
কাৰণ মোৰ বুকুত জীৱন আছে,
মই জীয়াই থাকোঁ—
কাৰণ মোৰ অন্তৰত আশা আছে।

দিনা মই ৰণচণ্ডী ভেশ ধৰিম
সেইদিনা বুজিবি
কিমান কঠোৰ মই।
মোৰ বুকু ছেদ কৰা
তোৰ বাক্যবানৰ উত্তৰ দিবলৈ
মই ভয় নকৰো।

তথাপিও মই যে নিৰৱ কিয় জাননে?

কাৰণ মোৰ নিৰৱতা
প্ৰচণ্ড খঙাল নহয়—
ই এক সংযমৰ শক্তি,
য’ত জ্বলি থাকে অসীম ধৈৰ্য।

মই শান্ত সমাহিত হৈ থাকি ভালপাওঁ
কাৰণ মই জানো
শব্দতকৈ বেছি গভীৰ হয়
সময়ৰ উত্তৰ

মই ক্ষমাশীলা
কাৰণ মোৰ ভিতৰত
এতিয়াও জীয়াই আছে মমতা—
যি মমতাই মোক
মানুহ হৈ থাকিবলৈ শিকায়।

মই নিৰৱ—
কাৰণ মোৰ ভিতৰত
এতিয়াও আছে উশাহ মানৱতাৰ
এতিয়াও মৰমে
ধৰি ৰাখিছে মোৰ ৰুদ্ৰ ৰূপ।

কিন্তু সেইদিনা...
যি দিনা সহনশীলতাৰ সীমা ভাঙিব,
মোৰ দুচকুত নামি আহিব
অগ্নিৰ লেলিহান শিখা,
মোৰ কণ্ঠত জাগি উঠিব
বজ্ৰৰ গৰ্জন।

মই তেতিয়া কেৱল নাৰী নহ’ম—
মই হ’ম প্ৰলয়ৰ সূচনা,
অন্যায়ৰ বুকুত লিখা
জীৱনৰ কষতিশিলা

মোৰ প্ৰতিটো অশ্ৰুবিন্দু
তেতিয়া হ’ব অগ্নিকণা,
মোৰ প্ৰতিটো নীৰৱতা
গৰ্জি উঠিব বিদ্ৰোহ হৈ।

তই যি আঘাত দিলি
তাৰ প্ৰতিটো দাগে
মোক গঢ়িছে তুলিছে
এজনী ৰণচণ্ডী,
এজনী অদম্য শক্তি।

সেইদিনা নাপাবা মোক
তই বিচৰাৰ দৰে

নাপাবি মোৰ মমতাৰ কোমল ছাঁ—
কাৰণ সেইদিনা মই হ’ম
ন্যায়ৰ নিৰ্মম প্ৰতিচ্ছবি।

Comments

Popular posts from this blog

নীৰৱতাৰ প্ৰেম । Assamese poem by Deepika Das

নাৰীৰ জ্যোতি। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে।

বহাগৰ দৰেই তুমি। Assamese poem by Deepika Das